ETV Bharat / state

ঢেকীয়াজুলিত নাবালিকাৰ মৃতদেহ উদ্ধাৰক লৈ উত্তেজনা - ঢেকীয়াজুলিৰ চপাই বালিগাঁও

হত্যাকাণ্ডৰ ৫ দিনৰ মূৰত অপহৃত নাবালিকাৰ মৃতদেহ উদ্ধাৰ । ঢেকীয়াজুলিৰ চপাই বালিগাঁৱত এই জঘন্য, নিৰ্মম ঘটনা সংঘটিত । ঘটনাৰ পাচতে হত্যাকাৰীৰ শাস্তিৰ দাবীত উত্তাল পৰিৱেশ সৃষ্টি দল-সংগঠনৰ লগতে স্থানীয় ৰাইজৰ ।

ঢেকীয়াজুলিত ৫ দিনৰ মূৰত অপহৃত নাবালিকাৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Feb 25, 2021, 6:37 AM IST

তেজপুৰ,25 ফেব্ৰুৱাৰী: শোণিতপুৰৰ ঢেকীয়াজুলিৰ চপাই বালিগাঁৱত লোমহৰ্ষক ঘটনা সংঘটিত । উক্ত গাঁৱত যোৱা ২০ ফেব্ৰুৱাৰীৰ নিশা জিলি ৰাভা নামৰ এগৰাকী মহিলা আৰু তেওঁৰ ৪ বছৰীয়া কন্যাক শুই থকা অৱস্থাত চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কোনো অচিনাকী দুৰ্বৃত্তৰ । লগতে ১২ বছৰীয়া কন্যা পূৰবী ৰাভাক অপহৰণ ।

এই চাঞ্চল্যকৰ ঘটনাৰ পাঁচ দিন উকলি যোৱাৰ পাচত বুধবাৰে উদ্ধাৰ হয় অপহৃত পূৰবী ৰাভাৰ মৃতদেহ । এই নৃশংস ঘটনাৰ দিনা অৰ্থাৎ ২০ ফেব্ৰুৱাৰীৰ নিশা অপহৃত পূৰৱীৰ কাপোৰ উদ্ধাৰ হৈছিল বালিগাঁও পথাৰত । ইয়াৰ পাচত, বুধবাৰে উক্ত গাঁৱৰ পথাৰৰ মাজৰ খেৰৰ দ'ম এটাৰ মাজত উদ্ধাৰ হৈছে পঞ্চম শ্ৰেণীত অধ্যয়নৰত পূৰবীৰ মৃতদেহ ৷

এই নিৰ্মম ঘটনাৰ পাচতে হত্যাকাৰীৰ শাস্তিৰ দাবীত উত্তাল হৈ পৰে ৰাভা ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজ । ঘটনাস্থলীত উপস্থিত আৰক্ষীক মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাত বাধা প্ৰদান কৰে সংগঠনটোৰ লগতে স্থানীয় ৰাইজে ৷ অৱশেষত শোণিতপুৰ আৰক্ষী-প্ৰশাসনে ঘটনাৰ উচিত তদন্তৰ প্ৰতিশ্ৰুতিৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । এই ঘটনাক লৈ সম্প্ৰতি অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ।

লগতে পঢ়ক:পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে ঢেকীয়াজুলিবাসীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.