ETV Bharat / state

পদপথৰ বাসিন্দাক ক’ভিড প্ৰতিষেধক প্ৰদান - vaccination

সৃষ্টি দ্য ক্ৰিয়েছনে সম্পূৰ্ণ ক’ভিড সাৱধানতা অৱলম্বন কৰি ক’ভিড পৰীক্ষণ কৰিহে ভেকচিন প্ৰদান কৰে ৷ সংস্থাটোৱে ভিক্ষু, সাধুসকলক প্ৰতিষেধক প্ৰদান কৰাৰ পিছত খাদ্য, পানী আৰু মাস্কো যোগান ধৰে ৷

mega-vaccine-drive-by-srishti-the-creation
পদপথৰ বাসিন্দাক ক’ভিড প্ৰতিষেধক প্ৰদান
author img

By

Published : Jun 28, 2021, 1:32 PM IST

তেজপুৰ, ২8 জুন : শোণিতপুৰ জিলা প্ৰশাসনে মেগা ভেকচিনেশ্যন ড্ৰাইভ (Mega Vaccination Drive)ৰ জৰিয়তে সাধাৰণ মানুহৰ বাবে প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিছে । ইয়াৰ মাজতে বাদ পৰি যোৱা পদপথৰ ভিক্ষু, সন্যাসী, সাধুসকল পৰিচয় বা আন সমস্যাৰ হেতু উপেক্ষিত হৈ ৰোৱা পৰিলক্ষিত হৈছিল । এনে সময়তে দেওবাৰে মানৱীয়তাৰ নিৰ্দশন দাঙি তেজপুৰৰ স্বেচ্ছাসেৱী সংগঠন 'সৃষ্টি দ্য ক্ৰিয়েছনে' (Srishti The Creation) শোণিতপুৰ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ জৰিয়তে তেজপুৰ চহৰৰ বিভিন্ন স্থানত থকা ভিক্ষু, সাধু, সন্যাসীসকলক ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰে । শোণিতপুৰৰ মহাভৈৰৱ মন্দিৰৰ সমীপত থকা হৰিসভা প্ৰাংগণত সকলোকে একত্ৰিত কৰি সংস্থাটোৱে ভেকচিন প্ৰদান কৰে ৷

mega-vaccine-drive-by-srishti-the-creation
পদপথৰ বাসিন্দাক ক’ভিড প্ৰতিষেধক প্ৰদান

সৃষ্টি দ্য ক্ৰিয়েছনে সম্পূৰ্ণ ক’ভিড সাৱধানতা অৱলম্বন কৰি ক’ভিড পৰীক্ষণ কৰিহে ভেকচিন প্ৰদান কৰে ৷ সংস্থাটোৱে ভিক্ষু, সাধুসকলক প্ৰতিষেধক প্ৰদান কৰাৰ পিছত খাদ্য, পানী আৰু মাস্কো যোগান ধৰে ৷ সৃষ্টি দ্য ক্ৰিয়েছন (Srishti The Creation)ৰ কাৰ্যবাহী সঞ্চালক উত্তম বৰকটকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে এই কথা ।

সৃষ্টিৰ কাৰ্যবাহী সঞ্চালক উত্তম বৰকটকীয়ে লগতে শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত (Addl Deputy Commissioner) সত্যজিৎ চেতিয়াৰ সম্পূৰ্ণ তত্বাৱধানত এই শিবিৰ অনুষ্ঠিত হয় বুলি জানিবলৈ দিয়ে ৷ তেওঁ অতিৰিক্ত উপায়ুক্ত (Addl Deputy Commissioner) গৰাকীৰ এই মানৱীয় ব্যৱস্থাপনাৰ শলাগ লোৱাৰ লগতে কৃতজ্ঞতা জনায় ।

উল্লেখ্য যে, উক্ত প্ৰতিষেধক শিবিৰত শোণিতপুৰ জিলাৰ উপায়ুক্ত (Deputy Commissioner of Police) ভূপেশ চন্দ্ৰ দাস উপস্থিত হৈ নিজে তদাৰক কৰাৰ লগতে সৃষ্টি দ্য ক্ৰিয়েছন (Srishti The Creation)ৰ এয়া মানৱীয় কাৰ্য বুলি মত পোষণ কৰে । এই মেগা ভেকচিন শিবিৰ (Mega Vaccine Drive)ত তেজপুৰৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন উই এনিমেলৰ সদস্য অপৰূপা শৰ্মা, দ্বীপৰাজ মণ্ডল, ৰাজবল্লব শৰ্মাই পূৰ্ণ সহযোগিতা আগবঢ়ায় । উক্ত কাৰ্যসূচীত সংগঠনটোৰ অন্যতম সদস্য তৰুণ দাস, নিবিড় চৌধুৰী, জ্যোতিবিকাশ নাথ, ভাস্কৰ পটংগীয়াৰ লগতে বিশজন সদস্যই সেৱা আগবঢ়ায় ।

লগতে পঢ়ক : মাজুলীত জিঅ’ বেগ সংস্থাপন প্ৰকল্পৰ কামত অনিয়ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.