ETV Bharat / state

Manipur violence: মণিপুৰত থকা অনুপ্ৰৱেশকাৰীয়ে সৃষ্টি কৰিছে মণিপুৰ সংঘাতৰ ! - অধিকাৰীমায়ুম শ্রদ্ধা দেৱী

মণিপুৰ বিজেপিৰ ৰাজ্যিক সভানেত্ৰী অধিকাৰীমায়ুম শ্রদ্ধা দেৱীৰে ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ টেলিফোনিক বাৰ্তালাপ ৷ এই টেলিফোনিক সাক্ষাৎকাৰত অধিকাৰীমায়ুম শ্রদ্ধা দেৱীয়ে মণিপুৰৰ হিংসাৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ তেওঁ এতিয়াও ৰাজ্যখনত হিংসা অব্যাহত থকাৰ কথা স্বীকাৰ কৰে ৷

Manipur violence
মণিপুৰ বিজেপিৰ ৰাজ্যিক সভানেত্ৰী অধিকাৰীমায়ুম শ্রদ্ধা দেৱীৰে বাৰ্তালাপ
author img

By

Published : Aug 7, 2023, 4:38 PM IST

মণিপুৰ বিজেপিৰ ৰাজ্যিক সভানেত্ৰী অধিকাৰীমায়ুম শ্রদ্ধা দেৱীৰে বাৰ্তালাপ

তেজপুৰ, ৭ আগষ্ট: ভাৰত ম্যানমাৰ তথা মণিপুৰৰ সীমান্তত বহু পূৰ্বেই হ‘ব লাগিছিল কাটা তাঁৰৰ বেৰ । সীমান্ত চীল হ’ব লাগিছিল পূৰ্বতে কিন্ত নহ‘ল ৷ বৰ্তমান বিজেপিৰ শাসনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত থকা চৰকাৰে মণিপুৰ চৰকাৰৰ লগত যৌথভাৱে এই সীমান্ত বন্ধ কৰিবলৈ আগবাঢ়িছে । এই মন্তব্য মণিপুৰ বিজেপিৰ ৰাজ্যিক সভানেত্ৰী অধিকাৰীমায়ুম শ্রদ্ধা দেৱীৰ (Adhikarimayum Sharda Devi) । ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ লগত হোৱা এক টেলিফোনিক সাক্ষাৎকাৰত অধিকাৰীমায়ুমে প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ।

Manipur violence
মণিপুৰ হিংসা

তেওঁ কয়, মণিপুৰৰ হিংসাৰ অন্তৰালত এক বিশেষ ৰহস্যৰ গোন্ধ পাইছে ৷ বৰ্তমান দুটা জনগোষ্ঠীৰ মাজত এই সংঘৰ্ষৰ সৃষ্টি হোৱা নাই কাৰণ মণিপুৰত কুকি জনগোষ্ঠীৰ লোক পূৰ্বৰে পৰা আছিল ৷ তেওঁলোকৰ পৰা সংঘাত হোৱা নাই, যিসকল অনুপ্ৰৱেশকাৰী মণিপুৰত আছে তেওঁলোকে এই সংঘাত সৃষ্টি কৰিছে । বৃহৎ সংখ্যক অবৈধ মাৰণাস্ত্ৰ মণিপুৰলৈ আহিছে ফলত মণিপুৰ অশান্ত হৈ পৰিছে । এতিয়াও ৰাজ্যখনত হিংসা অব্যাহত আছে বুলি অধিকাৰীমায়ুম শ্রদ্ধায়ে জনায় ।

তেওঁ আৰু কয়, ৰাজ্য চৰকাৰে পাহাৰীয়া অঞ্চলত অবাধ বনাঞ্চল ধ্বংস(Deforestation), অবৈধ ড্ৰাগছৰ প্ৰসাৰৰ বাবে উচ্ছেদৰ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল ৷ এই বিষয়টোত ভুল বুজাবুজিৰ সৃষ্টি হৈ মণিপুৰ অশান্ত হৈ পৰে । কিন্ত ইয়াৰ ভিতৰতো কোনো এটা শক্তি আছে তথাপিও চৰকাৰে সকলো পক্ষৰ লগত আলোচনা কৰি শান্তিৰ বাবে চেষ্টা চলাই আছে । ৰাজ্যত অবৈধ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ কেন্দ্ৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এতিয়া বায়’মেট্ৰিক পৰীক্ষা(Biometric testing) আৰম্ভ কৰিছে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ ।

কোনো ভোট বেংকৰ স্বাৰ্থত অনুপ্ৰৱেশৰ সমৰ্থন জনোৱা হোৱা নাই বুলি উল্লেখ কৰি বিজেপি ৰাজ্যিক সভানেত্ৰীগৰাকীয়ে কয়, বৰ্তমান জিলাসমূহত জনসংখ্যা দুগুণ বৃদ্ধি পাইছে ৷ অৱশ্যে পূৰ্বৰ চৰকাৰে এই বিষয়ে চিন্তা নকৰাৰ ফলত এই সমস্যা বৃদ্ধি পাইছে বুলি তেওঁ কয় । ২০০৫ চনত তেতিয়াৰ ইউপিএ চৰকাৰৰ দিনত বিদ্ৰোহীসকলৰ লগত ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ হৈছিল ৷ তদানীন্তন মুখ্যমন্ত্ৰী ইববী সিঙক নজনোৱাকৈ বিদ্রোহী গোটৰ পৃথকীকৰণ প্ৰসংগটো উল্লেখ কৰি তেওঁ কয় যে বিজেপিৰ ৫ বছৰীয়া শাসনৰ পিছত ২০১৮ চনৰ পৰা ৰাজ্য চৰকাৰে বিদ্রোহীৰ সমস্যাটো সমাধান কৰিবলৈ সক্ষম হৈছে ।

মণিপুৰত পাহাৰীয়া অঞ্চলত সাধাৰণ লোকে উন্নত অস্ত্ৰ-শস্ত্ৰ লৈ প্ৰশিক্ষণ লোৱা বিষয়ে তেওঁ এই অপপ্ৰচাৰৰ বিষয়ে শুনিবলৈ পোৱা বুলি কৈ চৰকাৰে এই বিষয়ে ব্যৱস্থা গ্ৰহণ কৰা বুলিও জানিব দিয়ে বিজেপিৰ ৰাজ্যিক সভানেত্ৰী অধিকাৰীমায়ুম শ্রদ্ধা দেৱীয়ে ।

মণিপুৰ বিধানসভাত ৬০খন আসনৰ ভিতৰত ৩২ খন আসন বিজেপিৰ আৰু সমৰ্থিত সহযোগী দলৰ ৷ ইতিমধ্যে দেওবাৰে ৰাজ্যপাল অনুসূয়া উইকীলৈ লিখা এখন পত্ৰত কুকি পিপলছ এলায়েন্সৰ সভাপতি টংমাং হাওকিপে চৰকাৰৰ পৰা সমৰ্থন উঠাই লোৱাৰ কথা উল্লেখ কৰে । মণিপুৰ বিজেপিৰ ৰাজ্যিক সভানেত্ৰীগৰাকীয়ে ইয়াত এক সুকীয়া চিন্তা-চৰ্চা জড়িত হৈ থকাৰ কথা ব্যক্ত কৰে ।

আনহাতে মণিপুৰৰ প্ৰায় ৩৪ টা জনগোষ্ঠীয়ে উত্থাপন কৰি অহা বিভিন্ন দাবী সন্দৰ্ভত তেওঁ কয়, সকলোকে যদি পৃথকে ভূমি দিয়া হয় মণিপুৰ নাথাকিবগৈ । তেওঁ সকলো জনগোষ্ঠীক হিংসা পৰিহাৰ কৰি শান্তি আলোচনাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় ৷ মণিপুৰত বিগত নিৰ্বাচনত কুকি উগ্ৰপন্থীৰ সহায় লোৱাৰ কথা অস্বীকাৰ কৰি আৰু নেডাৰ আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে বুলি তেওঁ কয় ।

লগতে পঢ়ক: Manipur violence: মণিপুৰৰ পাহাৰীয়া গাঁৱত কুকি উগ্ৰপন্থীয়ে সাধাৰণ ৰাইজক দিছে অস্ত্ৰ প্ৰশিক্ষণ; কেইশাম মেঘাচন্দ্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.