ৰঙাপৰা, 26 নৱেম্বৰঃ শোনিতপুৰ জিলাৰ ৰঙাপৰাৰ কংগ্ৰেছ কৰ্মীসকলে বৃহস্পতিবাৰে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিচ্ছবিৰ সন্মুখত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ৰঙাপৰাৰ গোপীনাথ বৰদলৈৰ পথৰ কাষত থকা বীৰাঙ্গানা কনকলতা আৱক্ষ মূৰ্তিৰ সমীপত এই উপলক্ষে এক কাৰ্যসূচী গ্ৰহণ কৰে কংগ্ৰেছ কৰ্মী সকলে ৷
প্ৰয়াত গগৈৰ প্ৰতিচ্ছবিৰ সন্মুখত পুস্পাঞ্জলী অৰ্পণ আৰু বন্তি প্ৰজ্বলনৰে কংগ্ৰেছ কৰ্মীয়ে শেষ শ্ৰদ্ধা জনোৱাৰ লগতে তেখেতৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনায় ৷ প্ৰয়াত গগৈৰ মৃত্যুত কংগ্ৰেছ দল আৰু অসমবাসীৰ বাবে অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে ৰঙাপৰাৰ জেষ্ঠ কংগ্ৰেছ কৰ্মীসকলে ।
লগতে পঢ়কঃঅষ্ট্ৰেলিয়া : মেলবৰ্ণ ফেশ্বন উইকত মডেলৰ দৃষ্টিনন্দন দৃশ্য