ETV Bharat / state

Jal Jeevan Mission : জল জীৱনে গ্ৰামাঞ্চলৰ জনস্বাস্থ্যৰ উন্নতি ঘটাব: পদ্ম হাজৰিকা - PM Narendra Modi

শোণিতপুৰ জিলাৰ নদুৱাৰত জল জীৱন মিছনৰ খোৱাপানী যোগান আচঁনিৰ শুভ উদ্বোধন (jal jeevan mission project inaugurated in Sonitpur) ৷ আঁচনি উদ্বোধন কৰি স্থানীয় বিধায়ক পদ্ম হাজৰিকাই কয়- জল জীৱনে গ্ৰামাঞ্চলৰ জনস্বাস্থ্যৰ উন্নতি ঘটাব ।

Sonitpur
Sonitpur
author img

By

Published : Jan 20, 2023, 6:45 PM IST

তেজপুৰ, ২০ জানুৱাৰী : শুকুৰবাৰে শোণিতপুৰ জিলাৰ চতিয়া বিধানসভা সমষ্টিৰ নদুৱাৰৰ অন্তৰ্গত মধ্য চিলাবন্ধা আৰু দক্ষিণ মূঢ়াদল গাঁও পঞ্চায়তৰ দুখনকৈ জল জীৱন মিছনৰ খোৱাপানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাই (jal jeevan mission project inaugurated in Sonitpur) ৷

জনস্বাস্থ্য কাৰিকৰী বিভাগ, তেজপুৰ ১নং সংমণ্ডলৰ অধীনত নিৰ্মিত গেৰেলুৱাচুক আৰু ২নং বৰপথাৰ খোৱাপানী যোগান আঁচনি দুখন উদ্বোধন কৰি ভাষণ প্ৰসংগত স্থানীয় বিধায়কগৰাকীয়ে কয় (JJM project inaugurated by Padma Hazarika), "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (PM Narendra Modi) সপোনৰ এই জল জীৱন মিছনৰ (jal jeevan mission) সফল ৰূপায়ণে গ্ৰামাঞ্চলৰ জনস্বাস্থ্যৰ মানদণ্ডৰ উন্নতি ঘটাব ৷ কিয়নো বিশুদ্ধ খোৱাপানীৰ সেৱনে গ্ৰাম্য জনসাধাৰণক পানীৰ পৰা হোৱা ৰোগৰ পৰা নিশ্চিতভাৱে নিৰাময় দিব আৰু জনসাধাৰণৰ স্বাস্থ্য আৰু আৰ্থিক দিশৰ উন্নতি ঘটিব ৷"

শোণিতপুৰ জিলাত জল জীৱন প্ৰকল্প মুকলি বিধায়ক পদ্ম হাজৰিকাৰ

প্ৰায় ৭৬.২৩ লাখ আৰু ৯৯.৪৪ লাখ টকা ব্যয়সাপেক্ষে তেজপুৰ ১নং সংমণ্ডলৰ অধীনত নিৰ্মিত গেৰেলুৱাচুক আৰু ২নং বৰপথাৰ খোৱাপানী যোগান আঁচনি দুখনৰ উদ্বোধনী অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা মনোজ কুমাৰ দাস, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্যান্য বিষয়ববীয়া, আঞ্চলিক পঞ্চায়তৰ সদস্য, গাঁও পঞ্চায়তৰ সভাপতি, সচিব, পানী উপভোক্তা সমিতিৰ বিষয়ববীয়াৰ লগতে কেইবাগৰাকীও স্থানীয় গণ্য-মান্য ব্যক্তি তথা ৰাইজ উপস্থিত থাকে ৷ গেৰেলুৱাচুক আৰু ২নং বৰপথাৰ খোৱাপানী যোগান আঁচনি দুখনৰ পৰা সম্প্ৰতি ১৫৪ টা আৰু ২৪২ টা পৰিয়াললৈ খোৱাপানীৰ যোগান ধৰা হ'ব ৷

এই আঁচনিৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰসংগত কাৰ্যবাহী অভিযন্তা মনোজ কুমাৰ দাসে কয়, "খোৱাপানী যোগানৰ এই আঁচনিৰ উদ্বোধনে স্থানীয় ৰাইজৰ অতি প্ৰয়োজনীয় অভাৱ পূৰণ কৰিব ৷ আজি এই আঁচনি দুখন আমি গাঁও পঞ্চায়ত আৰু উপভোক্তা সমিতি তথা ৰাইজলৈ হস্তান্তৰ কৰিম ৷ অনাগত দিনত আঁচনিখনৰ প্ৰতিপালন আৰু সঞ্চালন উপভোক্তা সমিতিয়ে ৰাইজৰ সহযোগত কৰিব লাগিব ৷ আমি আশাবাদী যে আপোনাসৱে এই দায়িত্ব সুদীৰ্ঘকাললৈ সূচাৰুৰূপে পালন কৰি উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিব ৷"

গাঁও পঞ্চায়তৰ প্ৰতিনিধিয়ে নিজৰ বক্তব্যত আঁচনিখন নিৰ্মাণৰ ক্ষেত্ৰত ভূমি নিৰ্বাচনকে ধৰি যাৱতীয় সহযোগিতাৰ উল্লেখ কৰি আঁচনিখন দীৰ্ঘম্যাদী কৰাৰ ক্ষেত্ৰত দান-বৰঙণি প্ৰদানৰ লগতে ৰাইজৰ সক্ৰিয় সহযোগিতা কামনা কৰে ৷ উল্লেখ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগ, তেজপুৰ ১নং সংমণ্ডলৰ অধীনত বৰ্তমানলৈকে জল জীৱন মিছনৰ প্ৰায় আঢ়ৈ শতাধিক নতুন খোৱাপানী যোগান আঁচনিৰ নিৰ্মাণৰ কাম চলি আছে ৷ ইয়াৰ ভিতৰত প্ৰায় ৩৫ খন আঁচনিৰ নিৰ্মাণৰ কাম প্ৰায় শেষ হৈছে আৰু কমদিনৰ ভিতৰতে বাকী আঁচনিৰ কাম শেষ হ'ব বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে জল জীৱন আঁচনি ৰূপায়ণৰ পূৰ্বে স্থানীয় ৰাইজৰ খোৱাপানীৰ ক্ষেত্ৰত যথেষ্টখিনি সমস্যা আছিল ৷ যাৰ ফলত পানীৰ পৰা উদ্ভৱ হোৱা ৰোগত ৰাইজ আক্ৰান্ত হৈ আছিল ৷ এতিয়া জল জীৱন আঁচনি ৰূপায়ণৰ দ্বাৰা বিশুদ্ধ খোৱাপানীৰ যোগানে ৰাইজক সকাহ দিব বুলি আশা কৰিব পাৰি ।

লগতে পঢ়ক :Lok Sabha Election 2024 : সংসদত নীৰৱ অসমৰ অধিকাংশ সাংসদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.