ETV Bharat / state

Nagaland firing incident: নাগালেণ্ডৰ ঘটনাস্থলী পৰিদৰ্শন সেনাৰ তদন্তকাৰী দলৰ

author img

By

Published : Dec 29, 2021, 8:11 PM IST

দ্ৰুতগতিত আগবাঢ়িছে নাগালেণ্ডৰ ওটিং গাঁৱৰ শোকাৱহ গুলীবৰ্ষণৰ ঘটনাৰ তদন্ত (Nagaland Firing Incident)। বুধবাৰে মন জিলাৰ ঘটনাৰ তদন্তৰ বাবে ভাৰতীয় সেনাই গঠন কৰা তদন্তকাৰী দল উপস্থিত হয় ঘটনাস্থলীত । স্থান পৰিদৰ্শন কৰাৰ লগতে সাক্ষীসকলক সাক্ষাৎ কৰে তদন্তকাৰী দলে ।

Nagaland firing incident
নাগালেণ্ডৰ ঘটনাস্থলী পৰিদৰ্শন সেনাৰ তদন্তকাৰী দলৰ

তেজপুৰ,২৯ ডিচেম্বৰ : যোৱা ৪ ডিচেম্বৰত নাগালেণ্ডৰ মন জিলাৰ ওটিং গাঁৱত সংঘটিত সেনাৰ ২১ পেৰাট্ৰুপৰ উগ্ৰপন্থী বিৰোধী অভিযানৰ গুলীবর্ষণত ১৪ গৰাকী সাধাৰণ লোকৰ মৃত্যু হৈছিল (14 civilians were killed in Nagaland firing)। এই ঘটনাৰ পাছতে নাগালেণ্ডৰ মন জিলাৰ ঘটনাৰ (Nagaland Firing Incident) তদন্তৰ বাবে ভাৰতীয় সেনাই গঠন কৰা তদন্তকাৰী দল বুধবাৰে ওটিং গাঁৱৰ স্থানসমূহ পৰিদৰ্শন কৰে বুলি জানিব পৰা গৈছে । ভাৰতীয় সেনাৰ এগৰাকী জ্যেষ্ঠ পদবীৰ বিষয়া, এগৰাকী মেজৰ জেনেৰেলৰ নেতৃত্বত তদন্তকাৰী দলটোৱে ঘটনাটো কি পৰিস্থিতিত সংঘটিত হৈছিল তাৰ বুজ লয় ।

দলটোৱে পৰিস্থিতিটো ভালদৰে বুজি পোৱাৰ বাবে সাক্ষীসকলক লগত লৈ যায় আৰু ঘটনাবোৰ কেনেদৰে সংঘটিত হৈছিল তাৰ বুজ লয় । পৰৱৰ্তী সময়ত, দলটো ১ বজাৰ পৰা ৩ বজাৰ ভিতৰত মন জিলাৰ টিজিট আৰক্ষী থানাত উপস্থিত হয় । ঘটনা সম্পৰ্কীয় মূল্যৱান তথ্য উদঘাটনৰ বাবে দলটোৱে আহতসকলক চিকিৎসা প্ৰদান কৰা অসামৰিক লোক, আৰক্ষী কৰ্মী আৰু চিকিৎসকসকলক অন্তৰ্ভুক্ত কৰি সমাজৰ অন্য শাখাক সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে ।

সেনাৰ তৃতীয় ক'ৰৰ তৰফৰ পৰা জনোৱা তথ্য অনুসৰি ভাৰতীয় সেনাৰ উচ্চস্তৰীয় তদন্তকাৰী দলটোৱে ইয়াৰ পূৰ্বে ঘটনা সম্পৰ্কে তথ্য থকা যিকোনো ব্যক্তিক তদন্ত প্ৰক্ৰিয়াত সহায়ৰ বাবে আহ্বান জনাইছিল ।

ঘটনা সন্দৰ্ভত ৰাজহুৱা জাননীৰ জৰিয়তে ৰাইজক দুবাৰকৈ অৱগত কৰোৱা হৈছিল । নিৰ্দিষ্ট তাৰিখ আৰু সময়ত টিজিট আৰক্ষী থানাত তদন্তকাৰী দলৰ সন্মুখত উপস্থিত থাকি বা ঘটনাটোৰ সৈতে সম্পৰ্কিত যিকোনো ইনপুট, ফটো বা ভিডিঅ' তেওঁলোকৰ সৈতে +৯১৬০৩৩৯২৪৫৭১ ফোন নম্বৰত এছএমএছ বা হোৱাটছএপ মেচেঞ্জাৰৰ জৰিয়তে শ্বেয়াৰ কৰিবলৈ জাননী জাৰি কৰা হৈছিল । ইফালে তথ্যবোৰ অসমৰ দিনজান সামৰিক কেন্দ্ৰৰ তদন্তকাৰী দলক ব্যক্তিগতভাৱে জনোৱা হ'ব । ভাৰতীয় সেনাৰ মতে, ঘটনাৰ তদন্ত দ্ৰুতগতিত আগবাঢ়িছে আৰু অতি সোনকালে ইয়াক সমাপ্ত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হৈছে ।

লগতে পঢ়ক :Suspected IED blast in Imphal: ইম্ফলৰ এটা গেলামালৰ গুদামৰ সন্মুখত বোমা বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.