ETV Bharat / state

হেম বৰুৱা মহাবিদ্যালয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পূব মণ্ডল যুৱ মহোৎসৱ

author img

By

Published : Sep 12, 2022, 8:46 PM IST

গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ পূব মণ্ডলৰ মহাবিদ্যালয়সমূহৰ সাংস্কৃতিক আৰু সাহিত্য বিভাগৰ এলানি প্ৰতিযোগিতা জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব । এই কথা জনাইছে মহাবিদ্যালয়খনিৰ অধ্যক্ষ ডঃ অজিত হাজৰিকাই (Gauhati University East Zone Youth Festival) ।

GU
GU

তেজপুৰ, ১২ ছেপ্টেম্বৰ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ পূব মণ্ডলৰ মহাবিদ্যালয়সমূহৰ সাংস্কৃতিক আৰু সাহিত্য বিভাগৰ এলানি প্ৰতিযোগিতা জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব । এই কথা জনাইছে মহাবিদ্যালয়খনিৰ অধ্যক্ষ ডঃ অজিত হাজৰিকাই (Gauhati University East Zone Youth Festival) ।

অহা ২১, ২২ আৰু ২৩ ছেপ্টেম্বৰ তাৰিখে এক বৰ্ণাঢ্য কাৰ্যক্ৰণিকাৰে আয়োজন কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহৰ ছাত্ৰ সমাজৰ এই প্ৰতিযোগিতামূলক অনুষ্ঠানত পূব মণ্ডলৰ প্ৰায় সাত শতাধিক ছাত্ৰ-ছাত্ৰী সাংস্কৃতিক বিভাগৰ বিভিন্ন প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব (GU Youth Festival at Hem Barua College) ।

ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগা গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ প্ৰথমদিনা বিশ্ববিদ্যালয়ৰ পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপজ্যোতি সন্দিকৈয়ে ।

সংগীত, নৃত্য, সাহিত্য, নাটক, সুকুমাৰ কলা আৰু তৰ্ক প্ৰতিযোগতা বিভাগৰ বহুকেইটা গুৰুত্বপূৰ্ণ শাখাত অনুষ্ঠিত হ'বলগা প্ৰতিযোগিতাসমূহ সূচাৰুৰূপে সমাপন কৰিবৰ বাবে চতিয়া সমষ্টিৰ বিধায়ক তথা পৰিচালনা সমিতিৰ আমন্ত্ৰিত সদস্য পদ্ম হাজৰিকাক সভাপতি আৰু পৰিচালনা সমিতিৰ সভাপতি ডঃ বিপুল কুমাৰ বৰাক কাৰ্যকৰী সভাপতি হিচাপে লৈ বহুকেইখন উপ-সমিতি গঠন কৰি প্ৰস্তুতি চলাই থকা হৈছে বুলিও ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক :অভিশপ্ত ১২ ছেপ্টেম্বৰ : ২৩ বছৰে ন্যায় নাপালে মাহমৰাৰ উমা গগৈৰ পৰিয়ালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.