তেজপুৰ, ২৩ ছেপ্টেম্বৰ : এতিয়াৰ পৰা ৰাজ্যৰ সুলভ মূল্যৰ দোকানত গ্ৰাহকে ক্ৰয় কৰিব পাৰিব ঘৰতে উৎপাদিত অসমৰ চাহ ৷ অসম চৰকাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ অসমৰ চাহপাত অসমৰ ৰাইজৰ বাবে উপযুক্ত মূল্যৰ বিনিময়ত সুলভ মূল্যৰ দোকানত যোগান ধৰিব চৰকাৰে ৷ অর্থাৎ ঘৰৰ সামগ্ৰী ঘৰৰ মানুহৰ মাজত কম দামতে সহজে উপলব্ধ হোৱাকৈ চৰকাৰী মূল্যত যোগান ধৰা হ’ব ৷
অসমৰ চাহ বাগিচা সমূহে গড়ে ৭০০ মিলিয়ন কেজি চাহ উৎপাদন কৰে ৷ এই চাহৰ বেছি ভাগেই বাহিৰৰ বজাৰত উপলব্ধ হয় আৰু এক বুজন পৰিমানৰ ৰাজহ আহৰণ কৰে চাহ বাগিচাৰ কোম্পানীৰ লগতে অসম চৰকাৰে ৷ বৰ্তমান অসম চৰকাৰৰ এই সিদ্ধান্তই এই চাহ পাত সুলভ মূল্যত যোগান ধৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে ৷
উল্লেখযোগ্য যে অসমৰ চাহ বাগিচাৰ মন্দা অৱস্থাৰ বাবে আগশাৰীৰ বৃহৎ কোম্পানীৰ কেইবাখনো চাহ বাগিচা ইতিমধ্যে বিক্ৰী কৰিছে ৷ আনহাতে অসমৰ ক্ষুদ্ৰ চাহ বাগিচাৰ পৰা প্ৰায় ৫২ শতাংশ চাহ উৎপাদন হয় আৰু ই চাহ উদ্যোগক এক উল্লেখনীয় অৱদান আগবঢ়াই আহিছে ৷ এতিয়া এই ক্ষুদ্ৰ চাহ উদ্যোগৰ পৰা উৎপাদন কৰা চাহপাতৰ এক উপযুক্ত মূল্য চাহ খেতিয়ক সকলৰ মাজত লাভ কৰা সুযোগ গ্ৰহণ কৰিব ৷
শুকুৰবাৰে অসম চৰকাৰে চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি নিৰ্ধাৰণ সন্দৰ্ভত জনতা ভৱনত হোৱা এক বৈঠকত লোৱা সিদ্ধান্তত চাহ শ্ৰমিক সকলৰ মজুৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাবে ২৫০ টকা ধাৰ্য কৰাৰ বিপৰীতে বৰাক উপত্যকাৰ ভাবে ২২৮ টকা দৈনিক মজুৰি ধাৰ্য কৰিছে ৷ যাৰ বাবে শনিবাৰে শোণিতপুৰ জিলাৰ বিন্দুকুৰী চাহ বাগিচাৰ শ্ৰমিক সকল আৰু আটচাৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী বাতিল কৰি চৰকাৰৰ সিদ্ধান্তত সহমত হয় ৷ অসম চৰকাৰে চাহৰ পৰা GST লাভ কৰে আৰু লগতে ভূমিৰ পৰা এক বৃহৎ পৰিমাণৰ কৰ লাভ কৰে ৷ জানিব পৰা মতে অসমৰ চাহ উৎপাদনৰ ২০২৩ বৰ্ষত (এপ্ৰিলৰ পৰা আগষ্ট) লৈ অসম চিটিচি চাহৰ গড় নিলাম = প্ৰতি কেজিত ২২০.৫৯ টকা হয় ইয়াৰ বিপৰীতে বিগত ২০২২ চনত (এপ্ৰিলৰ পৰা আগষ্টলৈ) = প্ৰতি কেজিত ২২৯.৯৭ টকা আছিল ৷
লগতে পঢ়ক : Microfinance loan waive: মাইক্ৰ’ফাইনেন্সৰ ২.২ লাখ ঋণীৰ বিপৰীতে চৰকাৰে ঋণদাতাক পৰিশোধ কৰিলে ২৯১ কোটি টকা