ETV Bharat / state

Goru bihu 2023: ডিপোতা নৈৰ পাৰত গৰু বিহু উদযাপন

author img

By

Published : Apr 14, 2023, 10:48 PM IST

আজিৰে পৰা আৰম্ভ হৈছে অসমীয়াৰ ৰঙালী বিহু (Goru bihu 2023)। ৰঙালী বা ব’হাগ বিহুৰ প্ৰথম দিনটোক গৰু বিহু হিচাপে উদযাপন কৰা হয় ৷ তেজপুৰ ডিপোতা নৈৰ পাৰত গঞা ৰাইজে গো-ধনক গা ধুৱাই গৰু বিহু উদযাপন কৰে (Goru bihu celebrated in Tezpur)৷

goru-bihu-celebrated-in-tezpur
ডিপোতা নৈৰ পাৰত গৰু বিহু উদযাপন

তেজপুৰ, ১৪ এপ্ৰিল : আজি গৰু বিহু (Goru bihu 2023) । পৰম্পৰা অক্ষুন্ন ৰাখি সমগ্ৰ তেজপুৰতে চহা জাতীয় জীৱনৰ এই উৎসৱ পালন কৰা হয় (Rangali Bihu 2023)। তেজপুৰ ডিপোতা নৈৰ পাৰত গঞা ৰাইজে গো-ধনক মাহ-হালধীৰে নোৱাই-ধুৱাই বছৰটোৰ বাবে বিহুক আদৰে ।

বিহু অসমৰ জাতীয় উৎসৱ (Rangali Bihu of Assam)। ব'হাগ বিহু অথবা ৰঙালী বিহুৰ প্ৰথমটো দিনটোক গৰু বিহু হিচাপে পালন কৰা হয় । বিহু অসমীয়াৰ চহা জনজীৱনৰ অবিচ্ছেদ্য অংগ (Goru bihu celebrated in Tezpur) । বিহু বুলিলেই অসমীয়া লোকৰ মন কমোৱা তুলা উৰাদি উৰে, গা সাতখন-আঠখন কৰে । নতুন বছৰটোত এই গো-ধনেৰে প্ৰকৃতিৰ কোলাত শস্যৰ বীজ ৰোপণ কৰিব (Significance of Assamese Rangali Bihu)।

গৰু ধুৱাই সন্ধিয়া তুঁহগুৰি, বিহলঙনি, জেতুকী-পকা ধানখেৰৰ জুমুঠি আদিৰে পদূলিত, চোতালত আৰু গোহালিৰ মুখত তিনিটা জাগ গোটাই নতুনকৈ বঁটা তাৰ আৰু মৰাপাটৰ 'পঘা' কেইডাল ধোঁৱাচাংৰ পৰা নমাই আনি দীঘলতী, মাখিয়তীৰে সাজু কৰি থয় । সন্ধিয়া গৰু কেইটা আহিলে পিঠা খুৱাই ন- পঘা দি দীঘলতী মাখিয়তীৰে কোবাই জাগ জ্বলাই দিয়ে । গৰু বিহুৰ দিনাটোত ঘৰটোৰ চাৰিওফালে নহৰু পানী ছটিয়াই দিয়াৰো নিয়ম আছে ।

আজি তেজপুৰত ডিপোতা নৈৰ পাৰত ডেকা গাভৰু সকলোৱে মিলি একেলগে বিহু গীত গায় আনন্দ মনেৰে গৰু বিহু পালন কৰে । আজিৰ দিনটোত গৰুক, লাও, বেঙেনা, থেকেৰা,হালধিৰে ছাঁত বাৰীত লৈ গৰুক পিঠিত মৰা হয় । ‘‘লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু’’ এইদৰে গৰুক গা ধুৱাই দিয়া হয় । গৰু বিহুৰ দিনাৰ মূল বৈশিষ্ট্য হ’ল ঘৰৰ গোহালিৰ গৰুকেইটাৰ মংগল তথা সু-স্বাস্থ্য কামনা কৰা আৰু তাৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয় ৷

লগতে পঢ়ক: Rangali Bihu of Assam : ব’হাগতেই আছে চহা জীৱনৰ প্ৰাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.