ETV Bharat / state

গহপুৰ কাৰিবিলৰ শ্ৰী গংগা গোশালাত গো-ধনৰ খাদ্যৰ নাটনি - Dhyan foundation

গহপুৰৰ হেলেমৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কাৰিবিলৰ শ্ৰী গংগা গোশালাত খাদ্যৰ নাটনি ৷ পৰ্যাপ্ত খাদ্যৰ অভাৱত দিনক দিনে খীণাই গৈছে গো-ধনসমূহ (Food shortage for cattle at Sri Ganga Goshala) ৷

Food shortage for cattle at Sri Ganga Goshala
গহপুৰ কাৰিবিলৰ শ্ৰী গংগা গোশালাত গোধনৰ খাদ্যৰ নাটনি
author img

By

Published : Sep 13, 2022, 10:54 PM IST

গহপুৰ, 13 ছেপ্টেম্বৰ: "বৰ্তমান সময়ত ঘাঁহৰ অভাৱ হৈছে ৷ যাৰ ফলত গৰুক যিমান খাদ্য দিয়া যায় সেইসমূহেৰে সিহঁতৰ পেট নভৰে ৷ গৰুবোৰ দিনে দিনে খীণাই গৈছে ৷ ডক্টৰী ব্যৱস্থা থাকিলেও কি হ’ব যদি খাদ্য ভাল নহয় ৷ গৰুৱে যেনেধৰণে খাদ্য পাব লাগে তেনেদৰে পোৱা নাই’’ ৷ গহপুৰৰ কাৰিবিলৰ শ্ৰী গংগা গোশালাত গোধনৰ খাদ্যৰ নাটনিয়ে দেখা দিয়া বুলি এনেদৰে মন্তব্য কৰে গো-শালাখনৰ কৰ্মচাৰীয়ে (Food shortage for cattle at Sri Ganga Goshala) ৷

গহপুৰ সমষ্টিৰ হেলেমৰ ৰাজহ চক্ৰ অন্তৰ্গত কাৰিবিলৰ শ্ৰী গংগা গোশালাত যোৱা কিছুদিনৰ পৰা হোৱা খাদ্যৰ নাটনিৰ ফলত চিন্তিত হৈছে গোশালাখনৰ কৰ্মচাৰীসকল ৷ উল্লেখ্য যে গোশালাখনত এতিয়ালৈ 1145 টা গো-ধন আছে ৷

ধ্যাণ ফাউণ্ডেছন(Dhyan foundation) নামৰ বেচৰকাৰী অনুষ্ঠানৰ উদ্যোগত পৰিচালিত হোৱা গো-শালাখনত ধ্যাণ ফাউণ্ডেচনে তুঁহগুৰি, ধানখেৰ, চাপৰ আদিৰ যোগান ধৰি আহিছে যদিও এই খাদ্য পৰ্যাপ্ত নহয় গো-ধনকেইটাৰ বাবে ৷ কিন্তু এতিয়া ঘাঁহৰ নাটনি হোৱাৰ বাবে গো-ধনৰ অনুপাতে পৰ্যাপ্ত খাদ্য জমা কৰাত অসুবিধাত পৰিছে বেচৰকাৰী অনুষ্ঠানটো ৷ পৰ্যাপ্ত খাদ্যৰ অভাৱত দিনক দিনে স্বাস্থ্যৰ অৱনতি ঘটিছে গো-ধনসমূহৰ ৷

গহপুৰ কাৰিবিলৰ শ্ৰী গংগা গোশালাত গোধনৰ খাদ্যৰ নাটনি

উল্লখ্য যে বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে অবৈধভাৱে গৰু সৰবৰাহকাৰী চক্ৰৰ পৰা গো-ধনসমূহ উদ্ধাৰ কৰি এই গংগা গোশালাত জমা দিয়ে ৷ ধ্যান ফাউণ্ডেচটোৱে এই গোশালাখনত লালিত পালিত কৰিছে গোধনসমূহ ৷ এতিয়া এই খাদ্যৰ নাটনিৰ সময়ত চৰকাৰখনক গোশালাখনত পৰ্যাপ্ত খাদ্যৰ লগতে গো-ধনসমূহৰ বাবে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে কৰ্মচাৰীসকলে ৷

লগতে পঢ়ক: হোজাইত ৭৮ বস্তা বাৰ্মিজ চুপাৰী উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.