তেজপুৰ, ১৪ মে': তেজপুৰত ভুৱা আলফা সদস্য আটক । আলফাৰ নামত ধন দাবী কৰি কছাৰী গাঁও আৰক্ষীৰ জালত পৰিল দুজন যুৱক । ধৃত ভুৱা আলফা সদস্য দুজন হৈছে তেজপুৰৰ মিলনপুৰৰ ভৱেশ কলিতা আৰু পাঁচ মাইলৰ এলভিছ আলী আহমেদ ৷
আৰক্ষীয়ে দুয়োৰে পৰা আলফাৰ পেড, ষ্টাম্প, ম'বাইল ফোনৰ লগতে ধন দাবী পত্ৰ জব্দ কৰে । সম্প্ৰতি আৰক্ষীয়ে দুয়োৰে জেৰা অব্যাহত ৰাখিছে । আনহাতে, আলফাৰ নাম লৈ ধন দাবী কৰা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
লগতে পঢ়ক:ৰাজ্যৰ তিনি তৈল প্ৰতিষ্ঠানলৈ আলফা(স্বা)ৰ দাবী পত্ৰ প্ৰেৰণ