চতিয়া, 30 আগষ্ট: শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ কুসুমটোলাৰ 10 বছৰীয়া কিশোৰ তথা তেজপুৰ গুৰুকুল বিদ্যালয়ৰ ছাত্ৰ লক্ষ্যজয় কলিতাৰ ইংৰাজী ভাষাত ৰচিত 'EXPRESSIONS OF THE MIND IN WORDS' শীৰ্ষক গ্ৰন্থখনি দেওবাৰে উন্মোচন কৰে বিশিষ্ট কবি তথা শিশু সাহিত্যিক দিলীপ কুমাৰ ভট্টাচাৰ্যই । 10 বছৰীয়া জন্মদিন উপলক্ষে উন্মোচন কৰা হয় এই কিতাপখন ৷
সেই উদ্দেশ্যে দেওবাৰে জামুগুৰিহাটৰ কুসুমটোলাস্থিত গোলাপ কলিতাৰ বাসগৃহত ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত লাইবেৰীয়ান সুৰেন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত পাছিঘাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ধৰ্মেশ্বৰ হাজৰিকা, অসম সাহিত্য সন্মিলনীৰ প্ৰধান সম্পাদক মিংকু কলিতাকে ধৰি বিশিষ্ট লোকসকল উপস্থিত থাকে ।
শিশু লেখক লক্ষ্যজয় কলিতাৰ পিতৃ দেৱজিৎ কলিতাই আদৰণি ভাষণ দিয়া অনুষ্ঠানটিত শিশু লেখক গৰাকীয়েও এক চমু ভাষণ আগবঢ়াই সকলোকে আপ্লুত কৰে । উল্লেখ্য যে, আজি শিশু লেখক লক্ষ্যজয় কলিতাৰ জন্ম দিনত সাহিত্য জগতলৈ এই উপহাৰ আগবঢ়োৱাত অঞ্চলটোৰ সাহিত্যনুৰাগী সকলে আনন্দ প্ৰকাশ কৰিছে ৷
লগতে চাওক-যান্ত্ৰিকতাৰ কোলাহলত অতিষ্ট হৈছে নেকি ? আহক এইখন গাঁৱলৈ..