ETV Bharat / state

1959 চনত দালাই লামাক ভাৰতলৈ আদৰি অনা লোকজনৰ কথাৰে... - কোনে, কেতিয়া, কেনেকৈ দালাই লামাক আদৰি আনিছিল ভাৰতলৈ ?

১৯৫৯ চনৰ চীন-ভাৰতৰ যুদ্ধৰ প্ৰায় দুবছৰ আগৰ কথা । বিশ্ব শান্তিৰ বাবে ওলাই অহা তিব্বতীয়ান ধৰ্মগুৰু দালাই লামাৰ তাহানিতে আছিল ভাৰতৰ সৈতে এক ওতঃপ্ৰোত সম্পৰ্ক । সেই সুদীৰ্ঘ বছৰ পূৰ্বৰ স্মৃতি আজি ৰোমন্থন কৰি নষ্টালজিক, দালাই লামাৰ সান্নিধ্য লাভ কৰা এগৰাকী লোক ।

exclussive interview with naren chandra das

author img

By

Published : Jul 6, 2020, 4:28 PM IST

Updated : Jul 7, 2020, 12:55 AM IST

তেজপুৰ, 6 জুলাইঃ 1959 চনত তিব্বতীয়ান ধৰ্মগুৰু দালাই লামাই অৰুণাচলৰ ভাৰত-তিব্বত সীমান্তৰে টাৱাং হৈ প্ৰবেশ কৰিছিল অৰুণাচল অৰ্থাৎ ভাৰতত । সেই সময়তে 5 নং আছাম ৰাইফলছৰ 8 জনীয়া এটা দলে তেখেতক আদৰি আনিছিল । সেই 8 জনীয়া দলটোৰ ভিতৰত থকা এগৰাকী অন্যতম ব্যক্তি হ'ল হাবিলদাৰ নৰেন চন্দ্ৰ দাস । 6 জুলাইৰ দিনটোত তিব্বতীয়ান ধৰ্মগুৰু গৰাকীৰ 85তম জন্মদিনৰ দিনটোত হাবিলদাৰ নৰেন চন্দ্ৰ দাসে ইটিভি ভাৰতৰ সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সেই অভিজ্ঞতা সম্পৰ্কে সকলো বিৱৰি ক'লে ।

1959 চনত ধৰ্মগুৰু দালাই লামাৰ ভাৰত যাত্ৰাৰ সাক্ষ্য বহন কৰা এগৰাকী লোক

যেতিয়া তিব্বতীয়ান ধৰ্মগুৰু গৰাকী ভাৰতলৈ আহিছিল তেতিয়া হাবিলদাৰ নৰেন চন্দ্ৰ দাসৰ বয়স আছিল প্ৰায় 23 বছৰ । ১৯৫৯ চনৰ ৩১ মাৰ্চত চীনে ভাৰত আক্ৰমণ কৰাৰ প্ৰায় ২ বছৰ ৮ মাহৰ আগত এই গৰাকী অসম ৰাইফলছৰ জোৱানে নিজৰ সহযোগী সকলৰ সৈতে গৈ কামেং চেক্টৰৰ জেমিথাংৰ গেপছোৰ পৰা লুমলালৈ আদৰি আনিছিল ধৰ্মগুৰু গৰাকীক । আছাম ৰাইফলছৰ তেতিয়াৰ চুবেদাৰ চৰণ সিং থাপাৰ নিৰ্দেশ অনুসৰি, হাবিলদাৰ নৰেন চন্দ্ৰ দাসে টাৱাঙৰ পৰা গৈ জেমিথাং অঞ্চলৰ পৰা ঘোঁৰাৰে সৈন্য বাহিনীৰ লগত ভাৰতত প্ৰৱেশ কৰা দালাই লামক আগবঢ়াই অনাৰ দায়িত্ব লয় । তেতিয়া আছাম ৰাইফলছৰ দীক্ষান্ত লৈ ফ্ৰণ্টিয়াৰ অৰুণাচল প্ৰদেশৰ টাৱাঙত যোগদান কৰিছিল নৰেন চন্দ্ৰ দাসে । মাত্ৰ তিনি বছৰৰ বাবে সেই স্থানত নিয়োজিত হৈ থকা নৰেন চন্দ্ৰ দাসৰ সৈতে 2017 চনত পুনৰ গুৱাহাটীত সাক্ষাৎ হয় ধৰ্মগুৰু দালাই লামাৰ । দুয়োগৰাকী লোকে ইজনে সিজনক পুনৰবাৰৰ বাবে লগ পাই ভিন্ন ভাৱৰ আদান-প্ৰদান কৰিছিল । পৰৱৰ্তী সময়ত ২০১৮ চনত নৰেন চন্দ্ৰ দাসক ধৰ্মশালালৈ নিমন্ত্ৰণ কৰি সেই সময় অতি স্মৰণীয় বুলি উল্লেখ কৰিছিল জনপ্ৰিয় ধৰ্মগুৰু দালাই লামাই । সাক্ষাৎকাৰত সেই সময়ৰ নিজৰ অভিজ্ঞতাৰ কথা প্ৰকাশ কৰি নষ্টালজিক হৈ পৰে আছাম ৰাইফলছৰ প্ৰাক্তন হাবিলদাৰ গৰাকী ।

লগতে পঢ়কঃ অব্যাহত COVID-19ৰ প্ৰতিষেধক আৱিস্কাৰৰ প্ৰচেষ্টা

Last Updated : Jul 7, 2020, 12:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.