ETV Bharat / state

বহিঃৰাজ্যৰ পৰা উভতি অহা লোকৰ মাজত সামগ্ৰী বিতৰণ তেজপুৰত - শোণিতপুৰ জিলা উপায়ুক্ত

এখন আঁঠুৱা, এখন বিচনা চাদৰ, 100 মিলিলিটাৰৰ এটা ছেনিটাইজাৰ বটল, দুটুকুৰা ডেটল চাবোন, এডাল টুথব্ৰাছ আৰু এটা টুথপেষ্ট, দুপেকেট কাপোৰ ধোৱা ডিটাৰজেন্ট, মহ খেদা কইল, মমবাতি, এটা জুইশলা বাকছ আৰু দুখনকৈ তিনিতৰপীয়া মাস্ক থকা টোপোলা এটা প্ৰদান কৰে বহিঃৰাজ্যৰ পৰা ঘূৰি‌ অহা লোক সকলক ।

বহিঃৰাজ্যৰ পৰা উভতি অহা লোকৰ মাজত সামগ্ৰী বিতৰণ তেজপুৰত

author img

By

Published : May 30, 2020, 12:30 PM IST

তেজপুৰ, ৩০ মেʼ: শোণিতপুৰ জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙৰ বিশেষ তৎপৰতাত বহিঃৰাজ্যৰ পৰা আহি উপস্থিত হোৱা প্ৰতিগৰাকী ব্যক্তিক ব্যক্তিগত স্বচ্ছতা বজাই ৰখাৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ একোটাকৈ টোপোলা দিয়া হয় । তেজপুৰ বিশ্ববিদ্যালয়‌ত স্থাপন কৰা জʼনেল স্বাস্থ্য পৰীক্ষা‌ কেন্দ্ৰত লোক সকলক পঞ্জীয়ন কৰা সময়ত এই সামগ্ৰী সমূহ বিতৰণ কৰা হয় ।

বহিঃৰাজ্যৰ পৰা উভতি অহা লোকৰ মাজত সামগ্ৰী বিতৰণ তেজপুৰত
বিতৰণ কৰা সামগ্ৰীৰ সৈতে বহিঃৰাজ্যৰ পৰা উভতি অহা লোক

উল্লেখযোগ্য যে COVID-19 সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত বহিঃৰাজ্যৰ পৰা ঘূৰি‌ অহা জিলা খনৰ সকলো লোকে এই জʼনেল স্বাস্থ্য পৰীক্ষা‌ কেন্দ্ৰত উপস্থিত হৈ পঞ্জীয়ন কৰা পাছত পৰীক্ষাৰ বাবে তেওঁলোকৰ যাৱতীয় নমুনা সংগ্ৰহ কৰি তেওঁলোকক ১৪ দিনৰ বাবে‌ কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰা হয় । বহিঃৰাজ্যত নিজৰ সকলো‌ বস্তু-বাহানি এৰি থৈ অসমলৈ ঘূৰি অহা লোকসকলে ইয়াত আহি অসুবিধাৰ ‌সন্মূখীন হʼব পৰা দিশতো উপায়ুক্ত গৰাকীৰ দৃষ্টিগোচৰ হোৱাৰ পিছতে তেখেতে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰে ।

এই বেগত আছে এই বেগত এখন আঁঠুৱা, এখন বিচনা চাদৰ, 100 মিলিলিটাৰৰ এটা ছেনিটাইজাৰ বটল, দুটুকুৰা ডেটল চাবোন, এডাল টুথব্ৰাছ আৰু এটা টুথপেষ্ট, দুপেকেট কাপোৰ ধোৱা ডিটাৰজেন্ট, মহ খেদা কইল, মমবাতি, এটা জুইশলা বাকছ আৰু দুখনকৈ তিনিতৰপীয়া মাস্ক ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.