ETV Bharat / state

ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱত বিধ্বস্ত পাঁচটাকৈ বাসগৃহ - শোণিতপুৰ

ৰঙাপৰাত বনৰীয়া হাতীৰ সন্ত্ৰাস অব্যাহত। একে নিশাই পাঁচটাকৈ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰিলে বনৰীয়া হাতীয়ে ৷

বনৰীয়া হাতীৰ উপদ্ৰৱ
author img

By

Published : Jun 1, 2019, 11:46 AM IST

ৰঙাপৰা,1জুন : শোণিতপুৰ জিলাৰ ৰঙাপৰাত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। শুকুৰবাৰে নিশা ৰঙাপৰাৰ ধেন্দাই চাহ বাগিচাৰ কদমতলী ৩নং শ্ৰমিক লাইনত এটা বনৰীয়া হাতী প্ৰৱেশ কৰি পাঁচটাকৈ বাসগৃহ এফালৰ পৰা ভাঙি সন্ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে বাসগৃহৰ ভিতৰত মজুত ৰখা খাদ্য সামগ্ৰীসমূহো খাই তহিলং কৰে বনৰীয়া হাতীটোৱে। পাচত স্থানীয় ৰাইজে বহু সময়ৰ অন্তত খেদি পঠিয়াই বনৰীয়া হাতীটোক । ইপিনে এইক্ষেত্ৰত আমাৰীবাৰীৰ বন বিভাগ সম্পূৰ্ণভাৱে ব্যৰ্থ হোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ ৷

পঢ়ক- ব্যতিক্ৰম ! খেতিপথাৰলৈ বন্যহস্তীৰ জাকক আমন্ত্ৰণ এজন লোকৰ

Intro:ৰঙাপৰাত বনৰীয়া হাতীৰ তাণ্ডৱঃ পুনৰ একে নিশাই পাঁচটাকৈ বাসগৃহ ভাঙি বনৰীয়া হাতীয়ে চলালে সন্ত্ৰাস।Body:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। প্ৰতি নিশাই বনৰীয়া হাতীয়ে ৰাইজৰ ঘৰ-দুৱাৰ ভাঙি বিস্তৰ ক্ষতি সাধন কৰি অহাৰ পাছতো বন বিভাগৰ ভূমিকাক লৈ ৰাইজ ক্ষুব্ধ হৈ পৰিছে। তথ্য অনুসৰি নিশা প্ৰায় ১২ মান বজাত ৰঙাপৰাৰ ধেন্দাই চাহ বাগিচাৰ কদমতলী ৩ নং শ্ৰমিক লাইনত এটা বনৰীয়া হাতী প্ৰৱেশ কৰি প্ৰেমিকা কান্দুলনা, ফুলমানিকা কান্দুলনা, সুজিত তপ্ন, জেমছ তপ্ন।আৰু মংগলু কৰ্মকাৰৰ বাসগৃহ সমূহ এফালৰ পৰা ভাঙি সন্ত্ৰাসৰ সৃষ্টি হয়। তাৰোপৰি শ্ৰমিক ৰাইজে বাসগৃহৰ ভিতৰত মজুত কৰি ৰখা খাদ্য সামগ্ৰী সমূহ বনৰীয়া হাতীটোয়ে ভক্ষণ কৰে। ইফালে আমাৰীবাৰী বন বিভাগৰ বিপৰীতে স্থানীয় ৰাইজে বনৰীয়া হাতীটোক যেনেতন খেদি পঠিয়াবলৈ সক্ষম হয়। একাংশ লোকে সংৰক্ষিত বনাঞ্চল সমূহ ধ্বংস কৰাৰ কৰুণ পৰিণতিত আজি বনৰীয়া হাতী খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰিছে তাৰ ফল স্বৰূপে আজি একাংশ ৰাইজে বিনন্দ্ৰ ৰজনী কটাবলগীয়া হৈছে। মন কৰিবলগীয়া এই যে বনৰীয়া হাতীৰ উপদ্ৰৱ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত আমাৰীবাৰীৰ বন বিভাগ সম্পূৰ্ণ ভাৱে ব্যৰ্থ হোৱা গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.