ETV Bharat / state

লক্ ডাউন : গো-পালকৰ দৈনিক ৫০০ লিটাৰ গাখীৰ অনিষ্ট ! - দৈনিক ৫০০ লিটাৰ গাখীৰ অনিষ্ট

লক্ ডাউনৰ বাবে সংকটৰ দিন নামিছে দুগ্ধ পাম আৰু গো-পালকসকললৈ । দৈনিক বৃহৎ পৰিমাণৰ গাখীৰৰ অপচয় হৈছে বিক্ৰীৰ অভাৱত । এতিয়া তেওঁলোকৰ নাটনি হৈছে পশু খাদ্যৰো । আনহাতে উপাৰ্জন হীনতাইও হতাশ কৰিছে গো-পালকসকলক ৷

diary farm lost daily up to five hundred liter milk

author img

By

Published : Apr 7, 2020, 1:36 PM IST

তেজপুৰ,৭ এপ্ৰিল : তেজপুৰ গ্ৰেজিয়াছ সমবায় ডায়েৰী লিমিটেডৰ পূৰ্ণ উপাধ্যায়ৰ ফাৰ্মত এতিয়া কৰ্মত নিয়োজিত লোক ২০ জনৰ পৰা ৩ জনলৈ হ্ৰাস পাইছে । কাৰণ গাখীৰ বেছিবলৈ যাব পৰা নাই লোক সকল । পূৰ্বে দৈনিক ৬০০- ৭০০ লিটাৰ গাখীৰ বজাৰত উপলব্ধ হোৱা কৈ যোগান ধৰিছিল এই ফাৰ্ম খনে ৷ কিন্তু প্ৰথম লক্ ডাউনৰ কেইদিন বৃহৎ পৰিমাণৰ গাখীৰ পেলায় দিব লগীয়া হৈছিল । বৰ্তমানৰ চৰকাৰে নিৰ্ধাৰিত কৰি দিয়া নিৰ্দিষ্ট সময়ৰ ভিতৰত হে এই দুগ্ধ পামৰ লোক সকলে গাখীৰ বিক্ৰীৰ বাবে যোগান ধৰে ।

গো-পালকৰ দৈনিক ৫০০ লিটাৰ গাখীৰ অনিষ্ট

সমগ্ৰ তেজপুৰ চহৰৰ বাবে এই পামখনৰ পৰা ৫ ঠাইত গাখীৰ উপলব্ধ হয় । কিন্তু সন্ধিয়াৰ সময়ত ৩ বজাৰ পৰা ৬ বজালৈ গাখীৰ বিক্ৰীৰ বাবে অসুবিধাৰ সৃষ্টি হয়, কাৰণ লক্ ডাউনৰ বাবে কোনো লোক বাহিৰলৈ ওলাই আহিব নোৱাৰে । ফাৰ্মখনত আছে ৩০০ ৰ পৰা ৪০০ গৰু আৰু ৩০০ ম'হ । এতিয়া এই পশুবোৰৰ বাবে খাদ্যৰো অভাৱ ঘটিছে আৰু গাখীৰৰ বিক্ৰী হ্ৰাস পোৱাৰ ফলত শ্ৰমিকৰ মাজুৰী বাবে অসুবিধাৰ সন্মুখীন হৈছে পাৰ্মৰ স্বত্বাধিকাৰী ৷ অৱশ্য এই লক্ ডাউনৰ ফলত জনসাধাৰণ সমস্যাত পৰিলেও সচেতনতা বৃদ্ধি পোৱা দেখা গৈছে ৰাইজৰ মাজত ।

লক্ ডাউন : আমিনুল ইছলামৰ বিতৰ্কিত মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক প্ৰশান্ত ফুকনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.