ETV Bharat / state

লক্ ডাউনৰ সময়ছোৱাত ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংহলৰ বিশেষ প্ৰচেষ্টা - অশোক সিংহল

বহিঃ ৰাজ্যত কৰ্মৰত ১৪০০ লোকক সমষ্টিলৈ ঘূৰাই অনাৰ লগতে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰে স্থানীয় বিধায়ক অশোক সিংহলে । ইয়াৰোপৰি ঢেকীয়াজুলি টাউনত বিভিন্ন কাৰণত অকলশৰীয়া হৈ থকা লোক তথা দৰিদ্ৰ লোক সকলৰ বাবে 25 মাৰ্চৰ পৰা আৰম্ভ কৰে সমূহীয়া পাকঘৰৰ ব্যৱস্থা ৷ এই সকলোবোৰ ব্যৱস্থা সন্দৰ্ভত ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত সবিশেষ ক'লে বিধায়কগৰাকীয়ে ৷

dhekiajuli M.L.A Ashok singhal great steps on lock down
লক্ ডাউনৰ সময়ছোৱাত ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংহলৰ বিশেষ প্ৰচেষ্টা
author img

By

Published : May 1, 2020, 11:36 AM IST

তেজপুৰ,১ মে'ঃ যোৱা এমাহ ৯ দিন ধৰি দেশজুৰি যি লক্ ডাউন চলি আছে সেই সময়তে শোণিতপুৰ জিলাৰ ৭১নং ঢেকীয়াজুলি সমষ্টিৰ স্থানীয় বিধায়ক অশোক সিংহলৰ তৎপৰতাত লোৱা হৈছে কিছু নতুন প্ৰচেষ্টা । তেওঁৰ তৎপৰতাত বহিঃ ৰাজ্যত কৰ্মৰত ১৪০০ লোকক সমষ্টিলৈ ঘূৰাই অনাৰ লগতে সম্পন্ন কৰা হয় স্বাস্থ্য পৰীক্ষা ৷

লক্ ডাউনৰ লগে লগেই ঢেকীয়াজুলি টাউনত বিভিন্ন কাৰণত অকলশৰীয়া হৈ থকা লোক আৰু দৰিদ্ৰ লোক সকলৰ বাবে আৰম্ভ কৰে সমূহীয়া পাকঘৰ (community kitchen) আৰু এই সমূহীয়া পাক ঘৰ যোৱা ২৫ মাৰ্চৰ পৰা বৰ্তমান পৰ্যন্ত অব্যাহত আছে ৷

ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংহলৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

ইয়াৰ উপৰিও গাঁও অঞ্চলত বিভিন্ন ক্ষেত্ৰৰ বিজ্ঞজনৰ লগত আলোচনা কৰি মুঠ ২৫ টা স্থানত ৰেচনৰ ব্যৱস্থা কৰাৰ লগতে প্ৰত্যেকটো পৰিয়ালৰ বাবে ১০ কে.জি চাউল আৰু চৰকাৰৰ পৰা দিয়া নগদ ১০০০টকা প্ৰদান কৰে বুলি জানিবলৈ দিয়ে । ইমানেই নহয় সমষ্টিটোৰ প্ৰায় ৩০০০ লোক দেশৰ বিভিন্ন প্ৰান্তত লক্ ডাউনৰ সময়তে আৱদ্ধ হৈ পৰাত তেওঁলোকৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে বিধায়কগৰাকীয়ে ৷ ইতিমধ্যে বহিঃ ৰাজ্যৰ পৰা ১৪০০ লোকক ঘূৰাই আনিবলৈ সক্ষম হৈছে বিধায়কগৰাকী ৷ অৱশ্যে ১৬০০ লোক এতিয়াও বহিঃ ৰাজ্যত আছে । তাৰ উপৰিও প্ৰায় ৬০০ লোকক বিভিন্ন ৰাজ্যত খোৱাৰ ব্যৱস্থা কৰে আৰু আৰ্থিক ভাৱে চলিব পৰাকৈ উক্ত ৰাজ্যৰ পৰা সহযোগিতা বিচাৰিছে ৷ ইতিমধ্যে তেওঁলোকে এই ক্ষেত্ৰত সঁহাৰি পাবলৈ সক্ষম হৈছে ।

আনহাতে সামষ্টিত এই সময়ত ৩০ খন ঘৰৰ ভিতৰত এজনকৈ Covid-19ৰ স্বেচ্ছাসেৱক ব্যৱস্থা কৰে যাতে সেই লোক সকলে বিভিন্ন ৰোগত আক্রান্ত বা প্ৰয়োজন অনুসৰি বিভিন্ন বস্তু, বিশেষকৈ ঔষধৰ ব্যৱস্থা গ্ৰহণ কৰে । এই সময়তে বিশেষকৈ গুৱাহাটীৰ পৰাও ঔষধ আনি ৰোগীক যোগান ধৰা হৈছে । ইয়াৰ লগতে বিধায়কগৰাকীয়ে বর্তমান ঢেকীয়াজুলি সমষ্টিত লক্ ডাউনৰ সময়ত কোনো লোকে ভোকত থাকিবলগীয়া হোৱা নাই বুলিও দাবী কৰিছে ।

লগতে চাওকঃপ্ৰসিদ্ধ অভিনেতা ঋষি কাপুৰৰ অন্তিম যাত্ৰা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.