শোণিতপুৰ,1 আগষ্টঃ ৰাজ্যত বানৰ কৱলত প্ৰাণ হেৰুৱালে আন এজন ব্যক্তিয়ে ৷ ফেনেফুটুকাৰে বাঢ়ি অহা মানশিৰি নৈত পৰি প্ৰাণ হেৰুৱালে শোণিতপুৰ জিলাৰ এজন ব্যক্তিয়ে ৷ ঘটনাৰ বিৱৰণী মতে,শুকুৰবাৰে জিলাখনৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লখৰাৰ লবৰঘাড়ীত শুকুৰবাৰৰে পৰা সন্ধানহীন হৈ আছিল লোক বাহাদুৰ ৰায় নামৰ 50 বছৰীয়া ব্যক্তিজন ৷ স্থানীয় লোক আৰু প্ৰশাসনে লোকজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল যদিও কোনো শুংসূত্ৰ লাভ কৰা নাছিল ব্যক্তিজনৰ ৷ শনিবাৰে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ মানশিৰি নৈত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় SDRF বাহিনী আৰু চাৰিদুৱাৰ আৰক্ষী ৷ উল্লেখযোগে চলিত বৰ্ষত ভয়ংকৰ বানে ৰাজ্যত প্ৰাণ কাঢ়িছে 110 জনৰো অধিক ব্যক্তিৰ ৷
লগতে পঢ়কঃ পৱিত্ৰ ঈদৰ দিনাই লাফিকুল হত্যাৰ ন্যায় বিচাৰি ABMSUৰ প্ৰতিবাদ