ৰঙাপৰা, 10 ছেপ্টেম্বৰঃ মঙলবাৰে শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলিৰ পিৰাকটাস্থিত বেলশিৰি নৈত এটা উৱলি যোৱা মৃতদেহ উটি অহা ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ নৈত গা ধুবলৈ যোৱা কেইটামান শিশুৱে উটি অহা মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় লোকক অৱগত কৰে৷
পৰৱৰ্তী সময়ত স্থানীয় লোকৰ খবৰৰ ভিত্তিত বেলশিৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে৷ অৱশ্যে এই পৰ্যন্ত মৃতদেহটোৰ চিনাক্তকৰণ হোৱা নাই৷