ETV Bharat / state

মলিন মনৰ মলিন মানুহ আজমল : মুখ্যমন্ত্ৰী সোণোৱাল - তেজপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

তেজপুৰত বৃহস্পতিবাৰে নিশা শোণিতপুৰ জিলা পৰিষদৰ নৱ নিৰ্মিত কাৰ্যালয় ভৱন উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ সংবাদ মাধ্য়মযোগে কংগ্ৰেছ-এআইইউডিএফক সমালোচনা কৰাৰ লগতে আজমল এগৰাকী মলিন মনৰ মানুহ বুলি মন্তব্য কৰে মুখ্য়মন্ত্ৰী সোণোৱালে ৷

sarbananda sonowal visited to tezpu
তেজপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
author img

By

Published : Jan 21, 2021, 10:32 PM IST

তেজপুৰ,21 জানুৱাৰী : বৃহস্পতিবাৰে নিশা তেজপুৰত উপস্থিত হৈ কংগ্ৰেছ আৰু এআইইউডিএফক লৈ কঠোৰ সমালোচনাত মুখৰ হৈ পৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ৰাজ্যৰ শান্তি বিনস্ত কৰাৰ বাবেই কংগ্ৰেছ-এআইইউডিএফৰ মাজত মিতিৰালি হৈছে ৷ ৰাজ্যত অশান্তি সৃষ্টি কৰা দুয়োটা দলে ৰাজ্যত ভাতৃঘাটি সংঘৰ্ষ সৃষ্টি কৰাৰ অপচেষ্টা চলাব বুলি সংবাদ মাধ্যমযোগে মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আজমল এগৰাকী মলিন মনৰ মলিন মানুহ বুলি তীৰ্যক মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷

তেজপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিলে মছজিদ উঠি যাব আৰু ইছলাম ধৰ্মাৱলম্বী মহিলাসকলে বোৰ্খা পিন্ধিব নোৱাৰিব বুলি এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে কৰা সাম্প্ৰদায়িক মন্তব্যৰ প্ৰতিক্ৰিয়া হিচাপে দুই বিৰোধী দলক কঠোৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷

ইয়াৰোপৰি তেওঁ কয় যে, আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১০০ খনৰো অধিক আসন লাভ কৰিব আৰু দলটোৱে ৰাজ্যত পুনৰ চৰকাৰ গঠন কৰিব ৷ বিজেপি থকালৈকে অসমীয়া সুৰক্ষিত হৈ থাকিব আৰু বিজেপিয়ে ৰাজ্যত সন্দেহজনক বিদেশীক প্ৰভুত্ব বিস্তাৰ কৰিব নিদিয়ে ৷ লগতে কংগ্ৰেছ-এআইইউডিএফৰ মহাজোঁটবন্ধন আৰু নতুন আঞ্চলিক দলে বিজেপিক ক্ষতি নকৰে বুলিও তেওঁ মন্তব্য কৰে ৷

উল্লেখ্য যে, শোণিতপুৰ জিলা পৰিষদৰ নৱ নিৰ্মিত কাৰ্যালয় ভৱনৰ উদ্বোধন কৰাৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী গৰাকী ৷ ৰাজ্যৰ সংবাদ মাধ্যমেও চৰকাৰখনক সমৰ্থন কৰি আহিছে তেওঁ বুলি মন্তব্য কৰে ৷ তেজপুৰত উদ্বোধন কৰা ভৱনটো পঞ্চদশ বিত্তীয় আয়োগৰ 1 কোটি ২৫ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে ৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিধায়ক পদ্ম হাজৰিকা, গণেশ লিম্বু, জিলা পৰিষদ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিং, জিলা পৰিষদৰ কায্যবিহী বিষয়া দিগন্ত বৈশ্য, সভানেত্ৰী দলী চূৰীণ, তুলসী বৰঠাকুৰকে ধৰি বহু ব্যক্তি ৷

লগতে পঢ়ক : আকৌ এবাৰ মুখথেকেচা মহন্তৰ: অভিবৰ্তনৰ অনুমতি নিদিলে চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.