ETV Bharat / state

লক ডাউনঃ ইণ্টাৰনেটৰ অধিক ব্যৱহাৰে শিক্ষাৰ্থীৰ শিক্ষা ক্ষেত্ৰত প্ৰভাৱ পেলাব নেকি ?

author img

By

Published : Apr 18, 2020, 9:01 PM IST

Updated : Apr 19, 2020, 9:28 AM IST

এখন ৰাষ্ট্ৰীয় সংবাদ পত্ৰিকাত প্ৰকাশিত এক তথ্য মতে,শিক্ষানুষ্ঠান সমূহ বন্ধ থকাৰ বাবে সমগ্ৰ বিশ্বতে প্ৰায় ১.৫ বিলিয়ন ছাত্ৰ ছাত্ৰীয়ে সম্প্ৰতি ইণ্টাৰনেটত সময় অতিবাহিত কৰিছে ৷ অসমতো তাৰ ব্যতিক্ৰম নহয় । অসমতো প্ৰায় ৩০ লাখ ছাত্ৰ ছাত্ৰী ব্যস্ত আছে ইণ্টাৰনেট ।

being-online-raises-the-risk-of-harm-for-children-during-lockdown
লক ডাউনঃ ইণ্টাৰনেটৰ অধিক ব্যৱহাৰে শিক্ষাৰ্থীৰ শিক্ষাক্ষেত্ৰত প্ৰভাৱ পেলাব নেকি ?

তেজপুৰ,১৮ এপ্ৰিল : বিশ্বজুৰি অব্যাহত আছে কৰ'ণা ভাইৰাছৰ আতংক ৷ কৰ‘ণাৰ সংক্ৰমণ ৰোধৰ বাবে বিশ্বৰ বহু কেইখন দেশৰ সমান্তৰালকৈ ভাৰততো চলি আছে লক ডাউন । এই লক ডাউনৰ ফলত দেশৰ অন্যান্য ক্ষেত্ৰ সমূহৰ লগতে দেশৰ শিক্ষা ক্ষেত্ৰতো পৰিছে ব্যাপক প্ৰভাৱ ৷

এখন ৰাষ্ট্ৰীয় সংবাদ পত্ৰিকাত প্ৰকাশিত এক তথ্য মতে,শিক্ষানুষ্ঠান সমূহ বন্ধ থকাৰ বাবে সমগ্ৰ বিশ্বতে প্ৰায় ১.৫ বিলিয়ন ছাত্ৰ ছাত্ৰীয়ে সম্প্ৰতি ইণ্টাৰনেটত সময় অতিবাহিত কৰিছে ৷ অসমতো তাৰ ব্যতিক্ৰম নহয় । অসমতো প্ৰায় ৩০ লাখ ছাত্ৰ ছাত্ৰী ব্যস্ত আছে ইণ্টাৰনেটত।

এই বিষয়ে UNICEF য়ে এক সতৰ্ক বাণী কৰিছে যে অধিক সময় ইণ্টাৰনেটত অতিবাহিত কৰা ছাত্ৰ ছাত্ৰীৰ কাৰণে ক্ষতিকাৰক । এই সন্দৰ্ভত আমাৰ সাংবাদিকে কথা পাতিছিল Director Of Center for Inclusive Development Of Tezpur Universityৰ Child Rights এণ্ড Governanceৰ ডঃ ৰাজীৱ দলেৰ লগত । তেখেতে মন্তব্য প্ৰকাশ কৰি কয় যে অধিক সময় অনলাইনত এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে সময় কটালে ইণ্টাৰনেটত সহজে উপলব্ধ সস্তীয়া বেয়া ছবি বা হিংসাত্মক কাৰ্য কিছুমানৰ প্ৰতি আসক্ত হ'ব পাৰে । তেওঁ কয় যে ইণ্টাৰনেটত ক্লাছ কৰা বা ব্যৱহাৰ কৰাটো জৰুৰী হৈ পৰিছে বৰ্তমান কিন্তু এই সময়ছোৱাত ইয়াৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰাৰো প্ৰয়োজনীয়তা আছে ।

অভিভাৱক সকলৰ বাবেও এই ক্ষেত্ৰত বৰ্তমান পৰিস্থিতি এক প্ৰত্যাহ্বান স্বৰূপ। একাংশ অভিভাৱকৰ এই ক্ষেত্ৰত আমাক জনায় যে এই বন্ধৰ দিনকেইটা বেছিভাগ সময় লৰা ছোৱালীয়ে মোবাইল ফোনৰ ইণ্টাৰনেট হওক বা গেম খেলি সময় পাৰ কৰিছে ।

ডঃ দলেই কয় যে সমগ্ৰ বিষয়তো চৰকাৰে দৃষ্টি নিক্ষেপ কৰা প্ৰয়োজনীয়তা আছে । ইণ্টাৰনেট খোলা সময়তে অভিভাৱক সকলৰো দৃষ্টি ৰখা উচিত ।

Last Updated : Apr 19, 2020, 9:28 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.