ETV Bharat / state

ANSU calls 12 hour shutdown : নিশি ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল ইটানগৰ

author img

By

Published : Nov 23, 2021, 3:20 PM IST

সদৌ নিশি ছাত্ৰ সন্থাই জনোৱা ১২ ঘণ্টীয়া বন্ধ(ANSU calls 12 hour shutdown)ত স্তব্ধ হৈ পৰে অৰুণাচলৰ ৰাজধানী ইটানগৰ । কেইবাটাও স্থানত টায়াৰ জ্বলাই প্ৰতিবাদ বন্ধ সমৰ্থনকাৰীৰ ।

Itanagar Bandh
নিশি ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল ৰাজধানী চহৰ

তেজপুৰ, ২৩ নৱেম্বৰ : অৰুণাচল প্ৰদেশৰ ছাত্ৰ সংগঠন সদৌ নিশি ছাত্ৰ সন্থাই (All Nyishi Student Union) মঙলবাৰে পাৰ্বত্য ৰাজ্যখনৰ ৰাজধানী ইটানগৰত ১২ ঘণ্টীয়া বন্ধৰ আহ্বান জনায় । অৰুণাচল প্ৰদেশৰ ৰাজ্যিক শিক্ষা আয়ুক্ত নিহাৰিকা ৰায়ৰ বিৰুদ্ধে ক্ষুব্ধ হৈ ছাত্ৰ সংগঠনটোৱে (ANSU calls 12 hour shutdown) এই বন্ধৰ আহ্বান জনায় । ছাত্ৰ সংগঠনটোৱে আহ্বান জনোৱা এই বন্ধৰ ফলত মঙলবাৰৰ দিনটোত অৰুণাচলৰ ৰাজধানী চহৰখনত জনজীৱন সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে ।

বন্ধৰ সময়চোৱাত বিভিন্ন ঠাইত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা দেখা গৈছে । সেনা বাহিনীৰ এখন বাহনত প্ৰতিবাদকাৰীসকলে আক্ৰমণ কৰে । তদুপৰি বিভিন্ন স্থানৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷ এই বন্ধৰ আহ্বান জনোৱাৰ পূৰ্বে ৰাজ্যখনৰ শিক্ষা আৰু গৃহমন্ত্ৰীক ছাত্ৰ সংগঠনটোৰ তৰফৰ পৰা ১৪ দফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিল ৷ লগতে শিক্ষা সচিবগৰাকীক অনতিপলমে বদলি কৰিবলৈ চৰকাৰক হেঁচা প্ৰয়োগ কৰা হৈছিল ।

পৰৱৰ্তী সময়ত সোমবাৰে ৰাজ্যৰ গৃহমন্ত্ৰী বামেং ফিলিক্সে এক সংবাদমেল সম্বোধন কৰি ৰাজ্যখনত চলি থকা চিবিএছই-ৰ পৰীক্ষাৰ বাবে এই বন্ধ উঠাই ল'বলৈ আহ্বান জনাইছিল ছাত্ৰ সংগঠনটোক । কিন্তু সংগঠনটোৱে নিজৰ স্থিতিত অটল থাকে ৷ যাৰ বাবে মঙলবাৰে সম্পূৰ্ণৰূপে চহৰখন বন্ধ হৈ পৰে ।

লগতে পঢ়ক: Tripura Violence : জামিন লাভ কৰিলে চায়নি ঘোষে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.