ETV Bharat / state

মিছামাৰীত বন বিষয়াৰ তৎপৰতাত সুস্থ হৈ উঠিল এজনী হাতী - জনৈক হালৈ নামৰ খণ্ড বন বিষয়া

বৰ্তমান শোণিতপুৰ জিলাৰ মিছামাৰীস্থিত গাভৰু খণ্ড কাৰ্যালয়ত বন বিভাগৰ তত্বাৱধানত আছে গৰাকীবিহীন এই মাইকী হাতীজনী ৷ পোহনীয়া হাতীজনীক বন কৰ্মীসকলে নাম দিছে জয়মালা ৷

An Elephant became fit with the care of Forest officer at Misamari
মিছামাৰীত বন বিষয়াৰ তৎপৰতা সুস্থ হৈ উঠিল এজনী হাতী
author img

By

Published : Jun 12, 2020, 1:54 PM IST

ৰঙাপৰা, 12 জুন: কেৰেলাৰ মাল্লাপুৰম জিলাত জীৱশ্ৰেষ্ঠ মানৱে ফটকাভৰ্তি আনাৰস খুৱাই এজনী গাভিনী বনৰীয়া হাতীক নিৰ্মম ভাৱে হত্যা কৰাৰ ঘটনাই দেশবাসীক স্তম্ভিত কৰাৰ সময়তে এজন বন বিষয়াৰ তৎপৰতাত সুস্থ হৈ উঠিল জয়মালা নামৰ এজনী হাতী ৷ বৰ্তমান শোণিতপুৰ জিলাৰ মিছামাৰীস্থিত গাভৰু খণ্ড কাৰ্যালয়ত বন বিভাগৰ তত্বাৱধানত আছে গৰাকী বিহীন এই মাইকী হাতী জনী ৷ পোহনীয়া হাতীজনীক বন কৰ্মীসকলে নাম দিছে জয়মালা ৷ উল্লেখ্য যে, ৰঙাপৰা আমাৰীবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ গাভৰু খণ্ড বন কাৰ্যালয়ত থকা জয়মালা যোৱা মে' মাহত অসুস্থ হৈ পৰিছিল ৷ ক্ৰমান্বয়ে শৰীৰ দুৰ্বল হোৱা আৰু কেৱল চকুলো টুকি থকা মাইকী হাতীজনীৰ অৱস্থালৈ চাই মাউত চন্দন বৰা বাৰুকৈয়ে চিন্তিত হৈ পৰিছিল। কিন্তু বিগত ৬ মাহ ধৰি জয়মালাক লালন পালন কৰি আহিছে গোলাঘাট জিলাৰ চিঙাতলীৰ গাঁৱৰ পৰা অহা চন্দন বৰা নামৰ ২৪ বছৰীয়া মাউত জনে ৷ যাৰ বাবে ক্ৰমাৎ সুস্থ হৈ পৰিছে হাতীজনী ৷

মিছামাৰীত বন বিষয়াৰ তৎপৰতা সুস্থ হৈ উঠিল এজনী হাতী

উল্লেখ্য যে, গাভৰু খণ্ড বন কাৰ্যালয়ত বিগত তিনি মাহ ধৰি কাৰ্যনিৰ্বাহ কৰি বদলি হৈ যোৱা জনৈক হালৈ নামৰ খণ্ড বন বিষয়াজনে হাতীজনীৰ পৰিচৰ্য্যাত অৱহেলা কৰি পৰ্যাপ্ত খাদ্য যোগান নধৰা আৰু চিকিৎসা নকৰাৰ ফলত শৰীৰৰ দুৰ্বল হৈ পৰিছিল। পাছত বন কাৰ্যালয়টোত পুনৰ গোপাল ডেকাই যোগদান কৰিয়েই ৰঙাপৰা পশু চিকিৎসায়ৰ চিকিৎসকৰ সহায়ত জয়মালাক সুস্থ কৰি তোলাৰ প্ৰচেষ্টা চলাই । চিকিৎসকৰ পৰামৰ্শ অনুসৰি পৰৱৰ্তীকালত বন বিষয়া ডেকাই ঔষধ আৰু খাদ্য খুউৱাৰ পাছত জয়মালা সুস্থ হৈ উঠে ৷ বৰ্তমান হাতীজনী সম্পূৰ্ণ ভাৱে সুস্থ হৈ মিছামাৰী অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধৰ ক্ষেত্ৰত নিজৰ দায়িত্ব পালন কৰি আহিছে ৷ উল্লেখ্য যে, যোৱা বৰ্ষৰ ২০ অক্টোবৰত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বিচৰণ কৰি আছিল হাতীজনীয়ে ৷ পিচত মাউতৰ দ্বাৰা হাতীজনীক আৱদ্ধ কৰি বন বিভাগে নিজৰ জিম্মালৈ লৈ আনে ৷ ইফালে মাইকী হাতীজনীৰ কাণত মাইক্ৰচীপ নথকাৰ বাবে বন বিভাগে হাতীজনীৰ প্ৰকৃত স্বত্বাধিকাৰী কোন আছিল সেই তথ্য জনাৰ ক্ষেত্ৰত বিপাঙত পৰিছিল। যিহেতু 2008 চনৰ পিচত অসমত থকা প্ৰতিটো ঘৰচীয়া হাতীৰ কাণত মাইক্ৰচীপ লগোৱা হৈছিল তেনে ক্ষেত্ৰত জয়মালা ৰাজ্যৰ বন বিভাগৰ দ্বাৰা যে পঞ্জীয়ন ভুক্ত নহয় সেই কথা পোহৰলৈ আহে ৷ সম্প্ৰতি বন বিভাগৰ তত্বাৱধানত থকা জয়মালাই বন্যহস্তী খেদাত বনকৰ্মীসকলক সহযোগ কৰি আহিছে ৷

লগতে পঢ়কঃ একেৰাহে ষষ্ঠ দিনৰ বাবে বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.