ETV Bharat / state

পুনৰ জোৰদাৰভাৱে ‘কা' আন্দোলন চলাব সদৌ অসম ছাত্ৰ সন্থাই - aasu

জামুগুৰিহাটত শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ কৰ্মী সভাত উপস্থিত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক নাথ । ‘কা' আন্দোলন সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিলে দুয়োগৰাকী শীৰ্ষ নেতাই ৷

aasu is going to restart anti caa movement
পুনৰ জোৰদাৰ ভাৱে কা' আন্দোলন চলাব সদৌ অসম ছাত্ৰ সন্থাই
author img

By

Published : Oct 10, 2021, 7:36 PM IST

চতিয়া, 10 অক্টোবৰ : শনিবাৰে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বাপুজী ভৱনত দিনযোৰা কাৰ্যসূচীৰে সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ আতিথ্যত শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ কৰ্মী সভা অনুষ্ঠিত হয় । শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথৰ পৌৰহিত্যত অনুষ্ঠিত তথা ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ অজিত হাজৰিকাই শুভ উদ্বোধন কৰা এই কৰ্মী সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথৰ লগতে কেন্দ্ৰীয় সমিতিৰ বহু কেইজন বিষয়-ববীয়া উপস্থিত থাকে ।

পুনৰ জোৰদাৰ ভাৱে কা' আন্দোলন চলাব সদৌ অসম ছাত্ৰ সন্থাই

নিশাৰ ভাগত অনুষ্ঠানত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য । শোণিতপুৰ জিলাৰ অন্তৰ্গত তেজপুৰ মহকুমা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সকলৰ লগতে জিলাখনৰ দহখন আঞ্চলিক ছাত্ৰ সন্থাৰ উপস্থিতিত অনুষ্ঠিত হোৱা কৰ্মী সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আৰু মুখ্য উপদেষ্টা দুগৰাকীয়ে আছুৰ কাৰ্যকতা সকলক উদ্দেশ্য কৰি ভাষন প্ৰদান কৰে ৷

ইয়াৰ উপৰিও সংবাদ মাধ্যমৰ আগত আছুৰ ভৱিষ্যত কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰি আছু নিজৰ স্থিতিত অটল হৈ আছে বুলি অৱগত কৰে দুয়ো ।

কা' আন্দোলন সদৌ অসম ছাত্ৰ সন্থাই জোৰদাৰভাৱে চলাই আহিছে আৰু চলাই যাব বুলিও অৱগত কৰে ৷ ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে বিগত সময়ত সমূহীয়াভাৱে একগোট হৈ আন্দোলন কৰাত বাধা থকাৰ বাবেই বৰ্তমান স্তিমিত হৈ থকা 'কা' আন্দোলন পুনৰ আছুৱে জোৰদাৰ ভাৱে চলাই যাব বুলি জানিবলৈ দি‌‌য়াৰ উপৰিও মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ কথাও ব্যক্ত কৰে ।

লগতে পঢ়ক : উপ নিৰ্বাচনৰ আটাইকেইখন আসনত জয়লাভ কৰিব বিজেপি দলে: তৰংগ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.