ETV Bharat / state

সময়ৰ আগত চলা সময় "বাগান টাইম" - Assam Tea industry

বৃটিছে স্থাপন কৰি যোৱা সময় মান আজিও প্ৰচলিত চাহ বাগানত ৷ এই নিয়ম এঘন্টা আগত চলা নিয়ম ৷ বাগানৰ সময় স্বাভাৱিক সময়তকৈ এঘণ্টা আগবঢ়া । শ্ৰমিক সকলক সময়তকৈ আগবঢ়াই ৰাখি সময় নিৰ্দ্ধাৰণ কৰি দিয়া হৈছিল বৃটিছৰ দিনত।

tea-gardens
সময়ৰ আগত চলা সময় "বাগান টাইম"
author img

By

Published : Aug 1, 2021, 11:21 AM IST

Updated : Aug 1, 2021, 1:32 PM IST

শিৱসাগৰ, 1 আগষ্ট : প্ৰায় ডেৰশ-দুশ বছৰীয়া এক পৰম্পৰা । বৃটিছে প্ৰতিষ্ঠা কৰি যোৱা এক নিয়ম । এতিয়াও অসমত প্ৰচলিত হৈ আছে বৃটিছৰ নিয়ম । হয়তো কৰবাত কিছু ইফাল সিফাল হৈছে কিন্তু এতিয়াও চলি আছে তাহানিৰ সেই নিয়ম।

পূৱৰ দুৱাৰমুখ উত্তৰ-পূৰ্বাঞ্চল । দিনমণিয়ে ফেঁহুজালি দিয়ে অসমত । পুৱা পূৰঠ নোহোৱা সময়তে কৰ্মচঞ্চল হৈ পৰে অসমৰ এক বিশেষ উদ্যোগ । চাহ উদ্যোগ ।

সময়ৰ আগত চলা সময়

পুৱা ৭ বজাৰ ঘণ্টাৰ শব্দই মিনি সকলক খৰতকীয়া কৰে । বাবু সকলে বাগানৰ অফিচত বহি এটি কলি দুটি পাতৰ হিচাব লয় । আৰম্ভ হয় এক প্ৰাণোচ্ছল পৰিৱেশৰ।

AS_SVR_01ST_AUG_801_TEA_AS10042
বাগানত কৰ্মৰত চাহ শ্ৰমিক

যি সময়ত অসমৰ সৰহ সংখ্যক উদ্যোগ, কাৰ্যালয়, প্ৰতিষ্ঠান আদি সুখৰ শেতেলীত নিদ্ৰামগ্ন হৈ থাকে সেই সময়ত চাহ বাগানবোৰত দেখা যায় কৰ্মব্যস্ততা । ইয়াৰ কাৰণ কি ? ইয়াৰ কাৰণ বাগান টাইম । বৃটিছে অসমত চাহ বাগান স্থাপন কৰোতে স্থাপন কৰি যোৱ নিয়ম । এঘণ্টা আগত চলাৰ নিয়ম ।

AS_SVR_01ST_AUG_801_TEA_AS10042
কাম সামৰি ঘৰমূখী চাহ শ্ৰমিক

বাগানৰ সময় স্বাভাৱিক সময়তকৈ এঘণ্টা আগবঢ়া । পূৱত উদয় হোৱা বেলিয়ে অসমক আগতিয়াকৈ চুই যোৱাৰ বাবে ভাৰতৰ আন আন প্ৰান্ততকৈ অসমত পোহৰ সোনকালে হয় । সোনকালে পোহৰ হোৱাৰ বাবেই বাগানত শ্ৰম কৰাৰ সময়ো আগত । যাৰ বাবে শ্ৰমিক সকলক সময়তকৈ আগবঢ়াই ৰাখি সময় নিৰ্দ্ধাৰণ কৰি দিয়া হৈছিল বৃটিছৰ দিনত।

AS_SVR_01ST_AUG_801_TEA_AS10042
চাহপাত তোলাত ব্যস্ত শ্ৰমিক

অৱশ্যে এনে আগবঢ়া সময়ৰ বাবে লাভো বহুত হয় । পুৱাৰ এইখিনি গুৰুত্বপূৰ্ণ সময় কামত আহে । বাগান সময়ে শ্ৰমিক সকলক তৎপৰ কৰি ৰখাৰ লগতে সময়ৰ কাম সময়ত কৰাৰ, সময়ৰ পাত সময়ত উঠোৱাৰ লগতে সময় অনুসৰি কাম শেষ কৰাত সহায় কৰে । আৰ্থিক দিশৰ পৰা বাগান লাভান্বিত হোৱাৰ লগতে অধিক উপাৰ্জনৰ সময় পাই শ্ৰমিক সকলে ।

AS_SVR_01ST_AUG_801_TEA_AS10042
চাহ বাগান

বাগানত প্ৰচলিত হৈ থকা বাগান টাইমৰ দৰে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আচুতীয়া টাইম জ'ন বহু দিনৰ পৰা দাবী কৰি অহা হৈছিল । উত্তৰ-পূৱৰ বাবে বেলেগ ষ্টেণ্ডাৰ্ড টাইম বিচৰা হৈছিল । কিন্তু স্বাধীনতাৰ পাছত এক সময় বলৱৎ কৰি ভাৰত ৰাষ্ট্ৰই এক দেশ, এক নাগৰিক, এক সময়ৰ ভিত্তিত উত্তৰ-পূৱক আন এক সময় মান দিবলৈ অস্বীকাৰ কৰে ।

AS_SVR_01ST_AUG_801_TEA_AS10042
চাহ শ্ৰমিক

ইয়াৰ বাবে অসমকে ধৰি উত্তৰ-পূৱৰ ব্যাপক লোকচান হৈছে । সময় ব্যৱহাৰ কৰিব নোৱাৰাৰ লোকচান । কিন্তু এতিয়াও কিছু পৰিমাণে হলেও লোকচান পূৰ কৰিছে বাগান টাইমে ।

লগতে পঢ়ক-অসমৰ চাহ বাগানসমূহত ক’ভিড-১৯ৰ ফলত সৃষ্টি হৈছে টাইম বোমা

Last Updated : Aug 1, 2021, 1:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.