ETV Bharat / state

Sports seminar in Sivsagar : শিৱসাগৰত ক্ৰীড়া বিষয়ক আলোচনা চক্ৰ - শিৱসাগৰ জিলা ক্ৰীড়া সাংবাদিক সন্থা

শিৱসাগৰত ক্ৰীড়া সাংবাদিক সন্থাৰ উদ্যোগত আয়োজন ক্ৰীড়া বিষয়ক এখন আলোচনা চক্ৰ ৷ এই আলোচনা চক্ৰত ক্ৰীড়াৰ সৰ্বাংগীণ উন্নয়নত মনস্তত্ত্বৰ ভূমিকা সন্দৰ্ভত আলোচনা কৰা হয় ৷ লগতে ছয়গৰাকী খেলুৱৈকো সম্বৰ্দ্ধনা জনোৱা হয় ৷ এই আলোচনা চক্ৰত সমল ব্যক্তি হিচাবে উপস্থিত থাকে ড৹ জয়ন্ত দাস আৰু শুভাংগী ভাগৱতী ৷

Sports seminar held in Sivsagar
শিৱসাগৰ নগৰৰ যুৱ দলত এক ক্ৰীড়া বিষয়ক আলোচনাচক্ৰ অনুষ্ঠিত
author img

By

Published : Jul 31, 2023, 8:13 AM IST

শিৱসাগৰ নগৰৰ যুৱ দলত এক ক্ৰীড়া বিষয়ক আলোচনাচক্ৰ অনুষ্ঠিত

শিৱসাগৰ, 31 জুলাই : শিৱসাগৰ জিলা ক্ৰীড়া সাংবাদিক সন্থাৰ উদ্যোগত আৰু শিৱসাগৰ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ সহযোগত দেওবাৰে শিৱসাগৰ নগৰৰ যুৱ দলত এক ক্ৰীড়া বিষয়ক আলোচনাচক্ৰ অনুষ্ঠিত হয় । "ক্ৰীড়াৰ সৰ্বাংগীণ উন্নয়নত মনস্তত্ত্বৰ ভূমিকা" শীৰ্ষক আলোচনা চক্ৰত ৰাষ্ট্ৰীয় খ্যাতি প্ৰাপ্ত মনোৰোগ বিশেষজ্ঞ ড৹ জয়ন্ত দাস আৰু ক্লিনিকেল চাইক’লজিৰ বিশেষজ্ঞ শুভাংগী ভাগৱতীয়ে ক্ৰীড়া প্ৰেক্ষাপটত মনস্তত্ত্বৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় ।

শিৱসাগৰ জিলা ক্ৰীড়া সাংবাদিক সন্থাৰ মুখ্য উপদেষ্টা তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সৌমাৰজ্যোতি মহন্তই বন্তি প্ৰজ্বলন কৰা আলোচনা চক্ৰখন উদ্বোধন কৰে শিৱসাগৰ জিলাৰ আয়ুক্ত আদিত্য বিক্ৰম যাদবে । বন্তি প্ৰজ্বলন কৰি ড৹ মহন্তই কয় যে, শক্তিশালী মনস্তত্ত্ব নাথাকিলে সৰ্বাংগীণ উন্নয়ন সম্ভৱ নহয় । এক সুস্থ চিন্তাই এখন সুস্থ সমাজ গঠন কৰিব পাৰে ।

ক্ৰীড়া সমাজৰ এক আধাৰ । কিয়নো এজন সুদক্ষ খেলুৱৈ দেশৰ সম্পদ । এই খেলুৱৈ সকলৰ মানসিক দিশটো সুস্থ আৰু সৱল কৰি ৰখা আমাৰ সকলোৰে দায়িত্ব । এনে এখন আলোচনা চক্ৰ আয়োজন কৰাৰ বাবে তেওঁ উদ্যোক্তা সকলক ধন্যবাদ জ্ঞাপন কৰে ।

আনহাতে, উদ্বোধনী ভাষণত জিলা আয়ুক্ত যাদবে জিলা ক্ৰীড়া সাংবাদিক সন্থাক ধন্যবাদ প্ৰদান কৰে আৰু এনে এক পদক্ষেপ গ্ৰহণ কৰাৰ কথা জিলা প্ৰশাসনে চিন্তা চৰ্চা কৰি আছিল বুলি উল্লেখ কৰে । এই কৰ্মশালাই খেলুৱৈক উপকৃত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে । প্ৰায় চাৰি শতাধিক খেলুৱৈ, প্ৰশিক্ষক আৰু অভিভাৱক উপস্থিত থকা এই আলোচনা চক্ৰত আদৰণি ভাষণ প্ৰদান কৰে সন্থাৰ সভাপতি ইনামূল হাজৰিকাই ।

তেওঁ এই আলোচনা চক্ৰৰ উদ্দেশ্য ব্যাখ্যা কৰি কয়, ‘‘ক্ৰীড়া সাংবাদিকতা আমাৰ শেষ কথা নহয় । শিৱসাগৰৰ ক্ৰীড়াৰ বাবে কৰিবলগীয়া বহুত আছে ।খেলুৱৈ, প্ৰশিক্ষক, অভিভাৱক মানসিক চাপত থাকে ৷ গতিকে তেওঁলোকৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰিছো আৰু এই প্ৰয়াসৰ দ্বাৰা সকলো কিঞ্চিত হ'লেও উপকৃত হ'ব বুলি আশা কৰিলো’’ ।

আলোচনা চক্ৰৰ মূল বিষয় বিশ্লেষণ কৰি শুভাংগী ভাগৱতীয়ে কয় যে, ক্ৰীড়া কেৱল শৰীৰৰ অনুশীলন নহয় । খেলুৱৈগৰাকীৰ মানসিকতাৰ ওপৰত ক্ৰীড়াৰ দক্ষতা আৰু পাৰদৰ্শিতা নিৰ্ভৰ কৰে । শাৰীৰিক শক্তিৰ লগতে মানসিক শক্তিৰ ওপৰত ক্ৰীড়াৰ সফলতা নিৰ্ভৰ কৰে বুলি তেওঁ উল্লেখ কৰি পাৱাৰ পইণ্ট বিশ্লেষণ আগবঢ়ায় ।

এই আলোচনা চক্ৰৰ মুখ্য সমল ব্যক্তি তথা মনোৰোগ বিভাগৰ বিশিষ্ট চিকিৎসক জয়ন্ত দাসে দৃশ্য শ্ৰৱ্য মাধ্যমৰ জৰিয়তে বিষয় বস্তু উপস্থাপন কৰি ক্ৰীড়া আৰু মনস্তত্ত্বৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে । তেওঁ ক্ৰীড়াৰ বাবে দৰকাৰী মানসিক শক্তি সৰুৰে পৰা গঢ় লয় বুলি উল্লেখ কৰি ঘৰত মাক-দেউতাকৰ পৰা, বিদ্যালয়ত শিক্ষকৰ পৰা আৰু পাছলৈ খেলৰ প্ৰশিক্ষকৰ পৰা এই মানসিকতা দৃঢ় হয় বুলি প্ৰকাশ কৰে । এই ক্ৰমটোৱে এজন খেলুৱৈক অৰ্হতা সম্পন্ন খেলুৱৈলৈ পৰিৱৰ্তন কৰে বুলি তেওঁ কয় ।

মানুহৰ বাবে যিদৰে স্বাস্থ্য এক সম্পদ, সেইদৰে মানসিক শক্তি এজন খেলুৱৈৰ বাবে সম্পদ বুলি তেওঁ উল্লেখ কৰে । আলোচনা চক্ৰৰ লগত সংগতি ৰাখি মাষ্টাৰ্চ খেলুৱৈ তথা আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্চ প্ৰতিযোগিতাত সোণৰ পদক প্ৰাপক চুনী বৰুৱা, টেনিচ খেলত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ছান্দোগ্য ত্ৰিদিৱ পাঠক আৰু অদ্ৰিকা ৰাজকুমাৰী, বেডমিণ্টনত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সফলতা লাভ কৰা বৰ্ণিল আকাশ চাংমাই আৰু শান্তিপ্ৰিয়া হাজৰিকা আৰু যোগাসনত ঈৰ্ষণীয় সফলতা লাভ কৰা চিম্পী গগৈক বিশেষ সম্বৰ্দ্ধনা প্ৰদান কৰা হয় ।

শিৱসাগৰ জিলা ক্ৰীড়া বিষয়া প্ৰতীম বৰুৱা, শিৱসাগৰ জিলা ক্ৰীড়া সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি মনোজ ভাগৱতী উপস্থিত থকা অনুষ্ঠানত শিৱসাগৰৰ সমাজ আৰু ক্ৰীড়া জীৱনৰ বহু পুৰোধা ব্যক্তি উপস্থিত থাকে । শিৱসাগৰ জিলা ক্ৰীড়া সাংবাদিক সন্থাৰ সম্পাদক কৌস্তভমণি কাকতিয়ে আঁতধৰা এই আলোচনা চক্ৰৰ শেষত ববিতা ভৰালীয়ে শলাগৰ শৰাই আগবঢ়ায় ।

উল্লেখযোগ্য যে, এই আলোচনা চক্ৰৰ শেষত খেলুৱৈ আৰু সমল ব্যক্তিসকলৰ মাজত সম্পন্ন হোৱা প্ৰশ্ন-উত্তৰ শিতানত খেলুৱৈ অভিভাৱক সকল বহু পৰিমাণে উপকৃত হয় ।

লগতে পঢ়ক : No confidence motion against BJP govt : বিৰোধীৰ অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত ২ আগষ্টত হ'ব আলোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.