শিৱসাগৰ, 29জুনঃ শিৱসাগৰ অ এন জিচিত ঠিকা লাভৰ বাবে ব্যাপক জালিয়াতি অভিযোগ উঠিছে ৷ ঠিকা লাভৰ বাবে ঠিকাদাৰে প্ৰদান কৰিছে ভুৱা নথি। এনে এক ভয়ংকৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে। অ এন জি চি অসম সম্পদৰ লঘূ যানবাহন ঠিকা লাভৰ পাছত আমানতৰ ধন জমা দিয়াৰ নামত শিৱসাগৰ নগৰৰ এপেক্স বেংক শাখাৰ পৰা তিনি ঠিকাদাৰে মুঠ প্ৰায় সাত লাখ টকাৰ বেংক ড্ৰাফট অ এন জি চিক ছয়খন গাড়ীৰ বিপৰীতে জমা দিছিল। পৰৱৰ্তী সময়ত এই ড্ৰাফ্ট বেংক কৰ্তৃপক্ষই ভুৱা বুলি জানিব পাৰি শিৱসাগৰ সদৰ থানাত দুখন এজাহাৰ দাখিল কৰে। ইপিনে ড্ৰাফ্ট ভুৱা বুলি প্ৰমাণিত হোৱাত অ এন জি চিয়ে তিনি ঠিকাদাৰ বিজিত শইকীয়া,অৰুণজ্যোতি শইকীয়া আৰু প্ৰদীপ চুতীয়াই লাভ কৰা ছয়খন গাড়ীৰ ঠিকাচুক্তি বাতিল কৰে।
আনহাতে একাংশ ঠিকাদাৰে বাণিজ্যিক চালক অনুজ্ঞাপত্ৰৰ বিপৰীতে লাভ কৰা ঠিকাৰ স্বৰ্ত মানি নচলাৰ অভিযোগ উত্থাপিত হৈছে। এনে সমূহ বাহনৰ নথি পুনৰীক্ষণ কৰি অবৈধ বাহন সমূহৰ ঠিকা বাতিল কৰি যোগ্য নিৱনুৱাক ঠিকা প্ৰদানৰ দাবী জনাইছে ৰাইজে।