ETV Bharat / state

Sivasagar Divas celebrations: শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত শিৱসাগৰ দিৱস উদযাপন

author img

By

Published : Jul 1, 2022, 12:14 PM IST

আজি শিৱসাগৰ দিৱস ৷ জিলাখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হয় শিৱসাগৰ দিৱস (Sivasagar Divas celebration) ৷ জিলা উপায়ুক্ত মেঘ নিধি দাহালৰ নেতৃত্বত জিলা স্থাপন স্মাৰকত পতাকা উত্তোলনেৰে আৰম্ভ কৰা হয় শিৱসাগৰ দিৱস উদযাপনৰ কাৰ্যসূচী ।

Sivasagar Divas celebration
Sivasagar Divas: শিৱসাগৰ দিৱস উদযাপন

শিৱসাগৰ, 1 জুন: শিৱসাগৰ । অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ নাম । ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ আজি প্ৰতিষ্ঠা দিৱস (Sivasagar Divas celebrations)। ত্ৰয়োদশ শতিকাত আহোম সকল অসমলৈ আহি শিৱসাগৰতে স্থায়ী ৰাজধানী স্থাপন কৰিছিল । তেতিয়াৰ পৰা প্ৰায় ৬০০ বছৰ ধৰি শিৱসাগৰ হৈ পৰিছিল অসমৰ ৰাজনীতি আৰু সমাজৰ অভিকেন্দ্ৰ ।

১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছত বৰ্তমানৰ শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাক লৈ গঠিত হৈছিল শিৱসাগৰ জিলা । পৰৱৰ্তী সময়ত ১৯১১-১২ চনত জিলাৰ সদৰ শিৱসাগৰৰ পৰা যোৰহাটলৈ স্থানান্তৰ কৰা হৈছিল । শেষত ১৯৮৩ চনৰ ১ জুলাই তাৰিখে শিৱসাগৰক সদৰ ৰূপে লৈ গঠন কৰা হয় পৃথক শিৱসাগৰ জিলা । তেতিয়াৰ পৰা আজি ৩৭ বছৰে শিৱসাগৰে এক পূৰ্ণাংগ জিলাৰূপে প্ৰশাসনিক কাৰ্য ৰূপায়ণ কৰি আহিছে ।

Sivasagar Divas: শিৱসাগৰ দিৱস উদযাপন

আজি জিলাখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠানৰ আয়োজন কৰা হৈছে । পুৱা প্ৰথমে অনুভাষ যন্ত্ৰ যোগে শিৱসাগৰ দিৱসৰ গীত পৰিৱেশন, শিৱসাগৰ নগৰৰ চৌপাশে ঐক্য আৰু সম্প্ৰিতিৰ উদ্দেশ্যে চাইকেল চালন, ৰাজহুৱা সভা, শিৱসাগৰ পৰ্যটন বিষয়া আৰু বৰ্ণকূটীৰৰ সুজিত বৰুৱাৰ দ্বাৰা চিত্ৰ আৰু মুখা শিল্প প্ৰদৰ্শন আৰু লগতে সন্ধিয়ালৈ সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়ত বন্তি প্ৰজ্বলন আৰু উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী দ্বাৰা নাট পৰিবেশন কৰা হ’ব ।

উল্লেখ্য যে, জিলা উপায়ুক্ত মেঘ নিধি দাহালৰ নেতৃত্বত জিলা স্থাপন স্মাৰকত পতাকা উত্তোলনেৰে আৰম্ভ কৰা হয় শিৱসাগৰ দিৱস উদযাপনৰ কাৰ্যসূচী (DC Megha Nidhi Dahal)।

লগতে পঢ়ক: ভাৰত চীন সীমান্তত লাইন অব একচুৱেল কংট্ৰলৰ সেনা জোৱানৰ যোগ দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.