ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ - satra mukti sangram samati protest against price hike at sivsagar

ক'ভিড সৃষ্ট পৰিৱেশৰ মাজতে মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সৰ্বসাধাৰণ ৰাইজক ৷ যাৰ ফলত ক্ষোভিত হৈ পৰিছে ৰাজ্যবাসী ৷ মূল্যবৃদ্ধি ৰোধৰ দাবীত মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷

protest against price hike
মূল্যবৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
author img

By

Published : Aug 3, 2021, 7:17 PM IST

শিৱসাগৰ, 3 আগষ্ট : দেশ তথা ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য ৷ যাৰ ফলত পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিছে সাধাৰণ ৰাইজৰ ৷ এফালে কাল কৰ’ণাৰ ত্ৰাস, আনফালে ক'ভিড পৰিস্থিতিৰ গ্ৰাসত পৰি সম্প্ৰতি জীৱিকাৰ পথ হেৰুৱাইছে দেশ তথা ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালে ৷

ৰাজ্যৰ সৰ্বাংগীণ উন্নয়নৰ কথা কোৱা চৰকাৰৰ দিনতে হোৱা অভাৱনীয় মূল্যবৃদ্ধি (Price Hike)য়ে জুৰুলা কৰিছে ৰাজ্যবাসীক ৷ মূল্যবৃদ্ধি ৰোধৰ দাবীত মঙলবাৰে ছাত্ৰ মুক্তিৰ শিৱসাগৰ জিলা সমিতিৰ বহুসংখ্যক কৰ্মী তথা বিষয়ববীয়াই শিৱসাগৰ দ'লমুখ চাৰিআলিত মানৱ শৃংখল কাৰ্যসূচীৰে ৰূপায়ণ কৰে প্ৰতিবাদ ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

লগতে পঢ়ক: মূল্যবৃদ্ধি ৰোধত চৰমভাৱে ব্যৰ্থ হৈছে বিজেপি চৰকাৰ: চৰাইদেউ আছু

ছাত্ৰ মুক্তিৰ সদস্যসকলে হাতে হাতে প্লে-কাৰ্ড, বেনাৰ লৈ যোগান বিভাগ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, পেট্ৰ’লিয়াম মন্ত্ৰীৰ কাম নাই আদি শ্লোগান দি উত্তাল কৰি তোলে পৰিৱেশ ।

লগতে পঢ়ক: তিনিচুকীয়াত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ মানৱ শৃংখল

পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি(BJP) চৰকাৰৰ দিনতে মূল্যবৃদ্ধি (Price Hike)য়ে বিপাঙত পেলাইছে সাধাৰণ ৰাইজক । যাৰ ফলস্বৰূপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত আৰম্ভ হৈছে প্ৰতিবাদ (Protest) । ইমানৰ পাচতো মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে ৷ যাৰ বাবে অধিক ক্ষোভিত হৈ পৰিছে প্ৰতিবাদকাৰীসকল ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰীয়ে দিয়া স্কুটী ঠেলি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.