ETV Bharat / state

আৰোগ্য নিধিলৈ আৰ্থিক অনুদান শিৱসাগৰৰ ঐক্যৰ - আৰোগ্য নিধি

বিপৰ্যয়ৰ মাজতো বিহুৰ আনুষ্ঠানিকতা ৰক্ষা শিৱসাগৰৰ ৰংপুৰীয়াবাসীৰ ৷ শিৱসাগৰৰ সামাজিক অনুষ্ঠান ঐক্যই এইবৰ্ষৰ বিহুৰ অনুষ্ঠান বাতিল কৰি অসম চৰকাৰৰ আৰোগ্য নিধিলৈ প্ৰদান কৰে এক লাখ টকাৰ আৰ্থিক অনুদান ৷

Okyo donated one lakh rupees to arogya nidhi sivsagar
আৰোগ্য নিধিলৈ আৰ্থিক অনুদান শিৱসাগৰৰ ঐক্যৰ
author img

By

Published : Apr 13, 2020, 3:42 PM IST

শিৱসাগৰ,13 এপ্ৰিলঃ মহামাৰী কৰ’ণা ভাইৰাছৰ আতংকৰ মাজতে আহি পালেহি অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু ৷ সোমবাৰে গৰু বিহু,অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ প্ৰথমটো দিন ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে শিৱসাগৰৰ গ্ৰামাঞ্চলত নাই পূৰ্ৱৰ দৰে বিহুৰ উছাহ ৷ তৎস্বত্বেও শিৱসাগৰ নগৰ আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলৰ ৰাইজে সোমবাৰে Covid 19 ৰ পৰিপ্ৰেক্ষিতত চৰকাৰে নিৰ্ধাৰণ কৰা নীতি-নিয়মৰ মাজেৰে আনুষ্ঠানিকতা ৰক্ষা কৰি বিহু উদযাপন কৰে ৷ সামাজিক দূৰত্ব বজাই ৰাখি গৰু গা ধোৱাই গৰু বিহু পালন কৰে ৰাইজে ৷

আৰোগ্য নিধিলৈ আৰ্থিক অনুদান শিৱসাগৰৰ ঐক্যৰ

ইফালে, শিৱসাগৰৰ সামাজিক অনুষ্ঠান ঐক্যই প্ৰতি বছৰে গৰু বিহুৰ দিনা আয়োজন কৰা কণী যুঁজ আৰু মুকলি বিহুৰ অনুষ্ঠান Covid 19 ৰ বাবে বাতিল কৰে । সোমবাৰে পুৱা বিহুৰ পতাকা উত্তোলন কৰাৰ পাছত উদ্যোক্তাসকলে এক লাখ টকা জিলা উপায়ুক্তৰ জৰিয়তে অসম চৰকাৰৰ আৰোগ্য নিধিলৈ প্ৰেৰণ কৰে । জয়সাগৰৰ সন্মিলিত ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰাও ১ লাখ ১১ হেজাৰ টকা অসম আৰোগ্য নিধিলৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰা হয় । Covid 19 ৰ বাবে জিলাখনৰ সকলো বিহুৰ অনুষ্ঠান ইতিমধ্যে বাতিল হৈছে ৷

লগতে চাওকঃ ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰত অনুষ্টুপীয়াকৈ পতাকা উত্তোলন কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.