ETV Bharat / state

শিৱসাগৰত মটক যুৱ ছাত্ৰ সন্মিলনীৰ প্ৰতিবাদ

author img

By

Published : Sep 15, 2020, 7:03 PM IST

শিৱসাগৰত মটক যুৱ ছাত্ৰ সন্মিলনীৰ অৱস্থান ধৰ্মঘট ৷ শিৱসাগৰৰ ৰাইজ,মহিলা আৰু দল-সংগঠনক অপমান কৰা গীত কামৰূপাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত মঙলবাৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে মটক যুৱ ছাত্ৰ সন্মিলনীয়ে ৷

MOTOK  SATRA SANMILANI  PROTEST AT SIVSAGAR
শিৱসাগৰত মটক যুৱ ছাত্ৰ সন্মিলনীৰ প্ৰতিবাদ

শিৱসাগৰ, 15 ছেপ্তেম্বৰঃ শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে মটক যুৱ ছাত্ৰ সন্মিলনীয়ে। বিগত মাহত অসম মহিলা শক্তি সংবৰ্ধন ক্ষেত্ৰ নামৰ এক অখ্যাত সংগঠনৰ তথাকথিত নেত্ৰী গীত কামৰূপাই শিৱসাগৰৰ নাৰী সমাজৰ লগতে দল-সংগঠন সমূহক অপমান সূচক মন্তব্য কৰিছিল। যাৰ বাবে পৰৱৰ্তী সময়ত শিৱসাগৰ সদৰ থানাত প্ৰায় ২০ খনত কৈ অধিক এজাহাৰ দাখিল কৰা হৈছিল যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

ইয়াৰোপৰি কিছুদিনৰ আগত শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাই তিনি দিনৰ ভিতৰত বিতৰ্কিত মহিলা গৰাকীক শিৱসাগৰ আৰক্ষীৰ আগত হাজিৰ নহ’লে গ্ৰেপ্তাৰ কৰাৰ হুংকাৰ দিছিল ৷ ইপিনে তেনে হুংকাৰ ওকলি যোৱা বহু দিন হ'ল যদিও আজিলৈকে গ্ৰেপ্তাৰ নহ’ল গীত কামৰূপা। যাৰ বাবে শিৱসাগৰৰ ৰাইজ,মহিলা আৰু দল-সংগঠনক অপমান কৰা গীত কামৰূপাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত মঙলবাৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত যদি মহিলা গৰাকীক শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰে তেন্তে শিৱসাগৰ জিলা বন্ধৰ হুংকাৰ দিছে মটক যুৱ ছাত্ৰ সন্মিলনীয়ে।

লগতে পঢ়কঃ কৰিমগঞ্জত নৌকা প্ৰতিযোগিতাত অমান্য ক’ভিড-19 ৰ প্ৰ’টকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.