শিৱসাগৰ,15 নৱেন্বৰঃ শুকুৰবাৰে এক শিহৰণকাৰী ঘটনাই জোকাৰি যায় সমগ্ৰ শিৱসাগৰ জিলা ৷ শিৱসাগৰ সমীপৰ নামদাং শিলাসাঁকোত এগৰাকী মাতৃয়ে নিজ ৭ বছৰীয়া কন্যাক দিখৌ নদীত নিক্ষেপ কৰে ৷ নিৰ্দয় মাতৃগৰাকীৰ নাম অনুপমা দাস ৷ মাতৃগৰাকীয়ে সংবাদ মাধ্যমৰ আগত নিজেই নিজ কন্যাক নদীত নিক্ষেপ কৰাৰ কথা উল্লেখ কৰে ৷ মহিলাগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত জানিব পৰা গৈছে যে নিজ কন্যাৰ সৈতে দিখৌত জাঁপ দি আত্মহননৰ চেষ্টা চলাইছিল মহিলাগৰাকীয়ে ৷ কিন্তু মৃত্যুৰ প্ৰতি ভীত হৈ নিজে সাঁতুৰি পাৰলৈ উঠি আহে যদিও পানীত ডুব যায় কন্যা শিশুগৰাকী ৷
ইফালে ঘটনা সংঘটিত কৰিয়েই নিৰ্দয় মাতৃগৰাকী আইলামুখৰ নিজ পিতৃ-মাতৃগৃহলৈ গুচি যায়। বৰ্তমান ঘটনস্থলীত এচ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে দিখৌ নদীত অভিযান চলাই আছে যদিও মৃতদেহ উদ্ধাৰ কৰিব পৰা নাই।