নিউজ ডেক্স,২৪ জুন: নতুন দিল্লীত অলপতে অনুষ্ঠিত হয় "মিছেচ ইণ্ডিয়া হোমকেয়াৰ ২০১৯ " ৷ অসমৰ লগতে পঞ্জাৱ, হাৰিয়ানা,পুণে আদি বিভিন্ন ৰাজ্যৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা টীন মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অসমৰ আৰলিনা জয়ী হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় । সেইদৰে "মিছেচ ইণ্ডিয়া হোমকেয়াৰ ২০১৯ "ত অংশগ্ৰহণ কৰি ছয়গাঁৱৰ বোৱাৰী জেউতি দাসে প্ৰথম ৰাণাৰছ্ আপ সন্মান লাভ কৰি ছয়গাঁৱৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷ দেশৰ বিভিন্ন প্ৰান্তৰ বোৱাৰীয়ে অংশগ্ৰহণ কৰা উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰা ছয়গাঁৱৰ জেউতি দাস নামৰ বোৱাৰী গৰাকীয়ে "মিছেচ ইণ্ডিয়া হোমকেয়াৰ ২০১৯ " ৰ ৰাণাৰছ্ আপ সন্মান অৰ্জন কৰে ৷ গৃহ বধুৰ মাজত শিশু শিক্ষা,লিংগৰ কমতা,নাৰী সন্ত্ৰাস,লিংগ পৰিৱৰ্তন সৰলীকৰণ আদি বিষয়ৰ প্ৰকল্প উপস্থাপনৰ লগতে সুন্দৰী প্ৰতিযোগিতাখনত ৰেম্পত খোজ,প্ৰতিভা,শাৰীৰিক দক্ষতা,জাতীয়তা আদি পৰীক্ষাত অৱৰ্তীৰ্ণ হৈ জেউতি দাসে এই সন্মান লাভ কৰিবলৈ সক্ষম হয় ৷ বাহ্যিক আৰু আন্তৰিক সৌন্দৰ্যৰে ৰাষ্ট্ৰীয় সন্মান অৰ্জন কৰা তথা জেউতি দাসে অংগ্ৰহণ কৰা এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ সঞ্চালনা কৰে ফেশ্বন জগতত খ্যাত নাজ যোশীয়ে ৷
সেইদৰে,প্ৰতিভাৱান কিশোৰী তথা ফেশ্বন শ্ব'ৰ জৰিয়তে নিজক আগবঢ়াই নিয়াৰ সপোন দেখা আৰলিনা বেগমে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে । ইতিমধ্যে যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়কে ধৰি বিভিন্ন ঠাইত অনুষ্ঠিত ফেশ্বন শ্ব' প্ৰতিযোগিতাত সন্মান বুটলিবলৈ সক্ষম হোৱা আমগুৰিৰ আৰলিনাই দিল্লীত অনুষ্ঠিত হোৱা টীন মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সাফল্য অৰ্জন কৰে । আমগুৰিৰ আনোৱাৰ হুছেইন আৰু বুলুৱাৰা বেগমৰ কন্যা আৰলিনা বিহুনাচ, সত্ৰীয়া নৃত্য আদিতো পাৰ্গত হোৱাৰ লগতে শৈক্ষিক দিশতো আগবাঢ়ি গৈছে ।