ETV Bharat / state

Corruption in road construction : আমগুৰিত বখলা-বখলে এৰিছে চাংমাই কোঁৱৰ গাঁও পথ, ৰাইজৰ প্ৰতিবাদত আধাতে এৰিলে নিৰ্মাণ কাম - আমগুৰি লোক নিৰ্মাণ বিভাগ

আকৌ দুৰ্নীতি ৷ এইবাৰ দুৰ্নীতি সংঘটিত হৈছে ধোদৰ আলিৰ পৰা চ'লাৰ প্ৰজেক্ট সংযোগী চাংমাই কোঁৱৰ গাঁও পথটো নির্মাণত ৷

Corruption in road construction
শিৱসাগৰ জিলাৰ আমগুৰিত অথন্তৰ
author img

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 12:14 PM IST

আকৌ দুৰ্নীতি

আমগুৰি, 4 নৱেম্বৰ : শিৱসাগৰ জিলাৰ আমগুৰিত অথন্তৰ ৷ শিৱসাগৰ জিলাৰ আমগুৰি লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত ধোদৰ আলিৰ পৰা চ'লাৰ প্ৰজেক্ট সংযোগী চাংমাই কোঁৱৰ গাঁও পথটো নির্মাণৰ পিচতেই এতিয়া বখলা-বখলে এৰিবলৈ লৈছে ৷ ন কৈ নিৰ্মিত এই ৰাস্তাটোৰ নিৰ্মাণকাৰ্য দেখি হতচকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ লগতে সকলোৰে মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

জানিব পৰা মতে, চাংমাই কোঁৱৰ গাঁও পথটো বালি-মাটিৰ ওপৰতে ব্লেক টেপিং কৰি নিৰ্মাণ কাৰ্য চলাই নিছিল । স্থানীয় যুৱকসকলে এই দৃশ্য প্ৰত্যক্ষ কৰি ৰাস্তাটোৰ নিৰ্মাণৰ দায়িত্বত থকা বিষয়াক এই পথটোৰ নিৰ্মাণ কাৰ্য বন্ধ কৰি দিবলৈ দাবী জনায় । স্থানীয় যুৱকৰ প্ৰতিবাদ অন্তত মহৰীসহ লোকনিৰ্মাণ বিভাগৰ বিষয়াই উক্ত স্থানৰ পৰা পলায়ণ কৰে । সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে স্থানীয় যুৱকে ৷

স্থানীয় লোকৰ অভিযোগ অনুসৰি, আমগুৰি লোকনিৰ্মাণ বিভাগৰ অভিযন্তা বিমান হাজৰিকাই স্থানীয় যুৱকক পথটোৰ নিৰ্মাণৰ বাবে কেৱল 18 লাখ টকা আবণ্টন হোৱা বুলি মিথ্যাচাৰৰ আশ্ৰয় লৈ আহিছিল । এই কথা গম পাই স্থানীয় একাংশ যুৱকে সন্দেহবশত এই বিষয়টো সন্দৰ্ভত তথ্য জনাৰ অধিকাৰ আইনৰ সহায় লয় ।

তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত অহা তথ্য অনুসৰি, পথটোৰ নিৰ্মাণত প্ৰায় 68 লাখ টকা আবণ্টন হৈছে । এই তথ্য পোহৰলৈ অহাৰ পিচতে আমগুৰি লোকনিৰ্মাণ বিভাগৰ অভিযন্তা বিমান হাজৰিকাৰ মিথ্যাচাৰৰ স্বৰূপ ওলাই পৰে । এই দুৰ্নীতি তথা অনিয়মৰ কথা জ্ঞাত হৈ ক্ষোভিত হৈ পৰে স্থানীয় যুৱকসকল ৷ স্থানীয় যুৱকসকলৰ দাবী অভিযন্তা বিমান হাজৰিকাৰ বিৰুদ্ধে উৰ্দ্ধতন কৰ্তৃপক্ষই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷

উল্লেখ্য যে, শিৱসাগৰৰ জনৈক ৰচুল বাৰিক নামৰ ঠিকাদাৰে আমগুৰি সমষ্টিৰ পাঁচটাকৈ পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল । এইজন ঠিকাদাৰে নিৰ্মাণ কৰা চাংমাই কোঁৱৰ গাঁও পথটোত আজি ৰাইজে প্ৰতিবাদ কৰাত ঠিকাদাৰে পথ নিৰ্মাণত ব্যৱহৃত ব্লেক-টেপিঙৰ শিল নামতি আলিত ব্যৱহাৰ কৰিবলৈ নিয়ে । নামতি আলিতো বালি-মাটিৰ ওপৰতে ব্লেক-টেপিঙ মাৰিবলৈ আৰম্ভ কৰাত স্থানীয় লোকে বাধা প্ৰদান কৰে । ফলত নামতি আলিতো ব্লেক-টেপিঙ নকৰাকৈয়ে পলায়ন কৰিবলৈ বাধ্য হয় ।

স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, এইজন ঠিকাদাৰেই খনামুখত দুটা আৰু চাৰিঙত এটা পথ নিৰ্মাণ কৰাৰ দায়িত্ব লাভ কৰিছে । আমগুৰি আৰু নামতিত অনিয়মেৰে পথ নিৰ্মাণ কৰি খেদা খোৱাৰ পিচতো আমগুৰি লোকনিৰ্মাণ বিভাগৰ গা-নলৰা কাৰ্যই ৰহস্যৰ সৃষ্টি কৰিছে ।

বিশেষকৈ যি সময়ত শাসনাধিষ্ঠিত চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কৈছে, তেনে সময়তে ৰাজ্যৰ লোকনিৰ্মাণ বিভাগৰ অন্তৰ্গত আমগুৰিস্থিত কাৰ্যালয়ৰ একাংশ বিষয়াই দুৰ্নীতি কৰিবলৈ হাত-উজান দিয়া কাৰ্যই তাৎপৰ্য বহন কৰিছে । চাংমাই গাঁৱৰ স্থানীয় লোকসকলে পথটোৰ দুৰ্নীতিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত অভিযোগ প্ৰদান কৰিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Ajmal on Congress : এইবাৰ নিৰ্বাচনত ভূপেন বৰাই ডাঙৰ এটা হাঁহৰ আণ্ডা পাব : আজমল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.