ETV Bharat / state

বহিঃৰাজ্যৰ শিল্পীক প্ৰত্যাহ্বান আমগুৰিৰ গ্ৰামাঞ্চলৰ শিল্পীৰ - Clay idol of Goddess Durga

শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটিমান দিন বাকী । ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰস্তুতি চলিছে দুৰ্গোৎসৱক লৈ(Preparation for Durga Puja) । মৃৎশিল্পীসকলৰ যেন মূৰ তুলিবলৈ আহৰি নাই(Clay idol of Goddess Durga) । ভিন্ন প্ৰান্তৰ দৰে আমগুৰিৰ দুগৰাকী মৃৎশিল্পীও ব্যস্ত প্ৰতিমা নিৰ্মাণত ।

durga puja preparation in amguri
বহিঃৰাজ্যৰ শিল্পীক প্ৰত্যাহ্বান আমগুৰিৰ গ্ৰামাঞ্চলৰ শিল্পীৰ
author img

By

Published : Sep 13, 2022, 4:44 PM IST

আমগুৰি,১৩ চেপ্টেম্বৰ: চৌদিশ বিয়পিছে উৎসৱৰ বতৰা । শাৰদীয় দুৰ্গোৎসৱক লৈ চৌদিশে এতিয়া ভীষণ ব্যস্ততা (Preparation for Durga Puja)। মৃৎশিল্পীসকলো ব্য়স্ত হৈ পৰিছে প্ৰতিমা নিৰ্মাণত । আমগুৰিৰ বৰাহীবাৰীৰ দুই খনিকৰো প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে । বৰাহীবাৰী ব্ৰাক্ষ্মণ গাঁৱৰ প্ৰবীণ শৰ্মা আৰু পংকজ শৰ্মাই যোৱা ১০ বছৰ ধৰি নিৰ্মাণ কৰি আহিছে মা দূৰ্গাৰ প্ৰতিমা(Clay idol of Goddess Durga) ।

সম্বন্ধত খুড়াক-ভতিজাক লগা এই দুই শিল্পীয়ে এইবাৰ শাৰদীয় দুৰ্গোৎসৱৰ বাবে সাজু কৰিছে বহু কেইজনা প্ৰতিমা ।২০১২ চনৰ পৰা এই দুই শিল্পীয়ে মা-দূৰ্গা প্ৰতিমাৰ লগতে বিশ্বকৰ্মা, সৰস্বতী, লক্ষ্মী, গণেশ, অন্নপূৰ্ণা, জগদ্ধাত্ৰী আদি মূৰ্তি নিৰ্মাণ কৰি আহিছে । প্ৰথমে সৰু সৰু মূৰ্তি নিৰ্মাণেৰে আৰম্ভ কৰি ২০১২ চনৰ পৰা ডাঙৰ মূৰ্তি নিৰ্মাণ কৰিবলৈ লয় বুলি উল্লেখ কৰে শৰ্মা ভাতৃদ্বয়ে ।

বহিঃৰাজ্যৰ শিল্পীক প্ৰত্যাহ্বান আমগুৰিৰ গ্ৰামাঞ্চলৰ শিল্পীৰ

বহি:ৰাজ্যৰ কলিকতীয়া শিল্পীৰ সমান্তৰালকৈ আমগুৰিৰ বৰাহীবাৰীৰ এই দুই শিল্পীৰ শিল্পকৰ্মই এতিয়া সকলোকে আকৰ্ষিত কৰি তুলিছে (Indigenous artists challenge outsider artists by making idols) । শিকিলে সকলোৱে প্ৰতিমা নিৰ্মাণ কৰিব পাৰে বুলি উল্লেখ কৰে শিল্পী দুগৰাকীয়ে । অৱশ্যে মূল্যবৃদ্ধিয়েহে প্ৰতিমা নিৰ্মাণত যথেষ্ট প্ৰভাৱ পেলোৱা বুলি উল্লেখ কৰিলে শিল্পীদ্বয়ে ।

লগতে পঢ়ক: ভবেশ কলিতাৰ হুংকাৰে টলাব পৰা নাই জয়া কলিতাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.