ETV Bharat / state

আলফাই দাবী কৰা ধন দিবলৈ গৈ চাৰিজন আটক

author img

By

Published : Oct 15, 2020, 10:24 PM IST

আলফা (স্বাধীন) ক দাবী কৰা ধন দিবলৈ গৈ চাৰি গৰাকী লোক আটক ৷ সোণাৰিৰ নামতোলা অঞ্চলৰ ব্যৱসায়ী বিমল আগৰৱালাক আলফা(স্বাধীন)ই ধন দাবী কৰাৰ অভিযোগ ৷ ব্যৱসায়ী গৰাকীয়ে দাবী কৰা ধনৰ আঢ়ৈ লাখ টকা তেওঁৰ গাড়ী চালকৰ হাতত নাগালেণ্ডলৈ দি পথোৱাৰ পাচতে নাগালেণ্ডৰ মন জিলাৰ পৰা নগদ ধন আৰু গাড়ীসহ গাড়ীচালকক আটক ৷

আলফাই দাবী কৰা ধন দাবী দিবলৈ গৈ চাৰিজন আটক

শিৱসাগৰ, 15 অক্টোবৰ : আলফা (স্বাধীন)ই দাবী কৰা ধন দিবলৈ গৈ আৰক্ষীৰ হাতত আটক চাৰিজন ৷ নাগালেণ্ডত দাবী কৰা ধন দিবলৈ গৈ গাড়ী, নগদ ধন আৰু চালক আটক ৷ আটক আলফাৰ দুই লিংকমেন ৷ অভিযোগ অনুসৰি আলফা(স্বাধীন)ৰ দুৰ্ধষ নেতা গণেশ লাহনে সোণাৰিৰ অসম -নাগালেণ্ড সীমান্তৰ নামতোলা অঞ্চলৰ ব্যৱসায়ী বিমল আগৰৱালাক মোবাইল মেচেজ যোগে ৫ লাখ টকা দাবী কৰিছিল । দাবী কৰা ধনৰ আঢ়ৈ লাখ টকা ব্যৱসায়ী গৰাকীয়ে তেওঁৰ গাড়ী চালক ন্যাক ৱাংচাৰ হাতত দি নাগালেণ্ডলৈ পঠাইছিল ।

গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে এই তথ্য লাভ কৰাৰ পাছতে এক অভিযান চলাই নগালেণ্ডৰ মন জিলাত গাড়ী চালক ন্যাক ৱাংচাক আটক কৰাৰ লগতে আঢ়ৈ লাখ টকা আৰু AS04 Q 9487 নম্বৰৰ এখন মটৰ চাইকেল চৰাইদেউ আৰক্ষীয়ে জব্দ কৰে । আনহাতে আলফা সদস্য গণেশ লাহনক ব্যৱসায়ী গৰাকীৰ নম্বৰ যোগান ধৰা কুল বাহাদুৰ নেৱাৰ আৰু আন এগৰাকী আলফাৰ লিংকমেন ৰাজু বনিয়াক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে । আটকাধীন নামতোলাৰ ব্যৱসায়ী বিমল আগৰৱালা, গাড়ী চালক ন্যাক ৱাংচা আৰু আলফাৰ লিংকমেন দ্বয় কুল বাহাদুৰ নেৱাৰ আৰু ৰাজু বনিয়াক সোণাৰি আৰক্ষী থানাত এতিয়া আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: আলফা (স্বা)ৰ তিনি কেডাৰৰ আত্মসমৰ্পণ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.