ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ মৃতদেহ

author img

By

Published : Jan 24, 2021, 1:02 PM IST

প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষত উদ্ধাৰ পশু চিকিৎসকৰ মৃতদেহ ৷ প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ হৈছে এগৰাকী পশু চিকিৎসকৰ মৃতদেহ ৷

found-a-dead-body-in-sivsagar
প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ মৃতদে

নিউজ ডেস্ক, 24 জানুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ সময়তে শিৱসাগৰত সৃষ্টি হয় এক অঘটন ৷ প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে এজন চিকিৎসকৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ চিকিৎসকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে এতিয়া শিৱসাগৰত । জেৰেঙা পথাৰৰ সমীপৰ মানকটা আলিৰ এখন দলঙৰ তলত উদ্ধাৰ হয় ডাঃ দেৱাশীষ দোলাকাষৰীয়া (৩৬) নামৰ পশু চিকিৎসকৰ মৃতদেহ ।

প্ৰধানমন্ত্ৰীৰ সভাৰ সমীপতে সংঘটিত হোৱা এই দুৰ্ভাগ্যজনক ঘটনাই জোকাৰি গৈছে শিৱসাগৰক । শিৱসাগৰ পশু চিকিৎসালয়ৰ তত্বাৱধায়ক বিষয়া আছিল চিকিৎসক গৰাকী ৷

শিৱসাগৰ মগৰাহাট দোলাকাষৰীয়া নিবাসী চিকিৎসকজনে উক্ত দিনা বিয়লি ৩ বজালৈকে কৰ্তব্যত আছিল বুলি জানিব পৰা গৈছে । কৰ্মক্ষেত্ৰৰ পৰা স্কুটীৰে উভতি যোৱাৰ পথত সম্ভৱতঃ দুৰ্ঘটনাত চিকিৎসকজনৰ মৃত্যু হোৱা বুলি বহুতে সন্দেহ কৰিছে ।

উল্লেখ্য যে, সভালৈ অহা অচিনাক্ত বাহনৰ চেপাতে চিকিৎসকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে বহু জনে ।

লগতে পঢ়ক : আজি কোকৰাঝাৰ-নলবাৰীত ৰাইজক সম্বোধন কৰিব অমিত শ্বাহে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.