শিৱসাগৰ, 10 এপ্ৰিল : লক্ ডাউনত বিধ্বস্ত জনজীৱন । এনে পৰিৱেশত ৰঙালী বিহুৰ উচাহো ম্লান পৰি গৈছে । অসমীয়াৰ চোতালত এইবাৰ নাই বিহুৰ প্ৰস্তুতি । কিন্তু এনে কঠিন সময়ৰ মাজতো বিহু সংস্কৃতিৰ সাধনা অব্যাহত ৰাখিছে এচামে । তেনে এজন ব্যক্তি হৈছে শিৱসাগৰৰ দৰিকাপাৰৰ দ্বীজেন গগৈ। ১৯৮০ চনৰ পৰাই নিৰবিচ্ছিন্নভাৱে তেওঁ নির্মাণ কৰি আহিছে অসমীয়া থলুৱা বাদ্যযন্ত্ৰ।

এতিয়ালৈকে তেওঁ নির্মাণ কৰি উলিয়াইছে এশৰো অধিক থলুৱা যন্ত্ৰ। শিৱসাগৰৰ দৰিকাপাৰৰ বৰপাত্ৰ নগৰৰ নিবাসী দ্বিজেন গগৈয়ে একক প্ৰচেষ্টাৰে অসমীয়া থলুৱা বাদ্যযন্ত্ৰ নিৰ্মাণৰ লগতে সংৰক্ষণৰ ও ব্যৱস্থা কৰিলে । চাৰিগৰাকী কন্যা সন্তানৰ পিতৃ দ্বিজেন গগৈ অ' এন জি চিৰ অসম সম্পদৰ কর্মচাৰী ।

প্রায় ৫৬ বছৰীয়া দ্বিজেন গগৈয়ে সুন্দৰকৈ বজাব পাৰে সকলো অসমীয়া লোকবাদ্য। ১৫ জন লোকে দৈনিক লোকবাদ্য নির্মাণত ব্যস্ত হৈ থকাৰ লগতে এওঁলোকক নিজ পুত্ৰৰ দৰে জ্ঞান কৰি সংস্থাপনৰো সুবিধা কৰি দিছে দ্বিজেন গগৈয়ে। কিন্তু এইবাৰ লক্ ডাউনৰ বাবে পূৰ্বৰ দৰে বাদ্যযন্ত্ৰ বিক্ৰী কৰিব পৰা নাই দ্বিজেন গগৈয়ে ৷
ইতিমধ্যে বহু সন্মান আৰু বঁটা বুটলিবলৈয়ো সক্ষম হোৱা দ্বিজেন গগৈয়ে বছৰ বছৰ ধৰি সাধনা কৰি আহিছে লোকবাদ্য ওপৰত । বছৰৰ বিহুটিৰ আনন্দ কৰ'ণা ভাইৰাছ আৰু লক্ ডাউনে ম্লান পেলালেও বিহুবলিয়া মনটোক সামৰিব পৰা নাই দ্বিজেন গগৈৰ দৰে বহুজনে ৷
লগতে পঢ়ক : শশীদানন্দ ৰায়ে বিহাৰ চৰকাৰক দান কৰিলে বাকীৰোৱা কাৰ্যকালৰ দৰমহা