শিৱসাগৰ, 21 জুন : শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে ডাঃ ৰণোজ পেগুৱে সোমবাৰে শিৱসাগৰ ক'ভিড ভেকচিন কেন্দ্ৰ পৰিদৰ্শন কৰে ৷ মন্ত্ৰী গৰাকীয়ে নিশা শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত উপস্থিত হৈ ক'ভিড ভেকচিনৰ প্ৰদানৰ সামগ্ৰিক পৰিস্থিতি বুজ লয় মন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ লগতে জিলাখনৰ ক'ভিডৰ ভেকচিন প্ৰদান কাৰ্যসূচীক লৈ সন্তুষ্টি প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷
ইয়াৰ পাচতে সাংবাদিকক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয়, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন চৰকাৰ গঠনমূলক কাৰ্য প্ৰণালীৰ বাবে অসমত এতিয়ালৈকে ক'ভিড ভেকচিনৰ অভাৱ হোৱা নাই ৷ যাৰ বাবে আজিৰ পৰা ৰাজ্যখনত ব্যাপক ক'ভিড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ৷ সোমবাৰৰ দিনটোত ৰাজ্যত ৩ লাখ লোকক ক'ভিড ভেকচিন প্ৰদান কৰা হয় বুলিও জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷
উল্লেখ্য যে, ৰাজ্যখনত এমাহৰ ভিতৰত প্ৰায় এক কোটি লোকক ক'ভিড ভেকচিন প্ৰদান কৰিব পৰা যাব বুলি মন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে । ইয়াৰোপৰি সাংবাদিকৰ প্ৰশ্ন উত্তৰত ৰাজ্যত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷
"ৰাজ্যৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহৰ বাবে ইতিমধ্যে বিষয় শিক্ষক নিযুক্তিৰ বিষয়টো ক্ষীপ্ৰতাৰে আগবঢ়াই নিয়া হৈছে ৷ বিশেষকৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰে চকু ৰাখিব ৷" সাংবাদিকৰ আগত এইদৰে কয় ডাঃ ৰণোজ পেগুৱে ৷