ETV Bharat / state

শিৱসাগৰত অত্যাধুনিক ক’ভিড চিকিৎসালয় উদ্বোধন

author img

By

Published : Jun 23, 2021, 1:07 PM IST

বুধবাৰে ক’ভিড-১৯ ৰোগৰ বিৰুদ্ধে যুঁজ দিবলৈ শিৱসাগৰত (ONGC) অএনজিচিৰ উদ্যোগত নিৰ্মাণ কৰা অত্যাধুনিক চিকিৎসালয়খন উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Keshab Mahanta)ই ৷

covid-19-hospital-inauguration-by-helath-minister-in-sivsagar
শিৱসাগৰত অত্যাধুনিক ক’ভিড চিকিৎসালয় উদ্বোধন

শিৱসাগৰ, 23জুন : দেশত মহামাৰী কৰ’ণাৰ দ্বিতীয় লহৰে ভয়াৱহতাৰ সৃষ্টি কৰাৰ সময়তে ৰাজ্যতো কিছু জটিল হৈ পৰিছিল ক’ভিড পৰিস্থিতি ৷ তাৰ পৰিপ্ৰেক্ষিত ৰাজ্য চৰকাৰৰ লগতে স্বাস্থ্য বিভাগে তৎপৰতা গ্ৰহণ কৰি ৰাজ্যৰ চিকিৎসা ব্যৱস্থা উন্নত কৰাৰ বাবে উঠি-পৰি লাগিছে ৷ বিশেষকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বিশেষ ভূমিকা পালন কৰা দেখা গৈছে ৷

তাৰ মাজতে বুধবাৰে ক’ভিড-১৯ ৰোগৰ বিৰুদ্ধে যুঁজ দিবলৈ শিৱসাগৰত অ’এনজিচি (ONGC) ৰ উদ্যোগত নিৰ্মাণ কৰা অত্যাধুনিক চিকিৎসালয়খন উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । উল্লেখযোগ্য যে, অএনজিচি (ONGC) অসম সম্পদৰ সামাজিক দায়বদ্ধতা শিতানত প্ৰায় ২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই চিকিৎসালয়ত মুঠ ৪০ খন বিচনা আছে । উত্তৰ-পূৱৰ ভিতৰত এক অত্যাধুনিক ক’ভিড চিকিৎসাকেন্দ্ৰ ৰূপে নিৰ্মাণ কৰা এই চিকিৎসালয়ৰ মুঠ ৪০ খন বিচনাৰ ভিতৰত ২০ খন অত্যাধুনিক সুবিধাৰ আইচিইউ (ICU) ব্যৱস্থা উপলব্ধ আছে ।

আনহাতে, ২০ খন বিচনাত অক্সিজেন প্ৰদান ব্যৱস্থা সংযুক্ত কৰাৰ লগতে ৰোগীৰ স্বাস্থ্যৰ অৱস্থা নিৰক্ষণ কৰিব পৰা সকলো যন্ত্ৰপাতিৰে সমৃদ্ধ হৈ আছে । বুধবাৰে অ’এনজিচি (ONGC) অসম সম্পদে এই ক’ভিড চিকিৎসালয়খনৰ শুভাৰম্ভ কৰি চাওলুং চ্যুকাফা চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ হাতত চমজাই দিয়ে । ইপিনে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ক’ভিড-১৯ ৰ এনে শংকাময় পৰিস্থিতিৰ সময়ত অ’এনজিচিৰ এনে কাৰ্যক শলাগ লোৱা দেখা যায় ।

ইয়াৰ উপৰিও শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ক’ভিড চিকিৎসালয়ত চিকিৎসক উপস্থিত নথকাৰ অভিযোগ সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে ইতিমধ্যে চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি এই বিষয়ত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে সংবাদ মাধ্যমৰ আগত ।

একেদৰে চাহ বাগিচাসমূহত চাহ শ্ৰমিক সকলে ক’ভিড-১৯ ৰ প্ৰতিষেধক লাভ কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ পোৱাৰ লগতে তেওঁলোকৰ পৰিচয় সন্দৰ্ভত বাগানৰ প্ৰৱন্ধকে লিখি দিয়া পত্ৰৰ দ্বাৰা তেওঁলোকে প্ৰতিষেধক লাভ কৰিব পাৰিব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে । আনহাতে ক’ভিড ৰোগৰ প্ৰতিষেধক প্ৰদান কৰাত কিছু ভিৰ আৰু বেমেজালিৰ সৃষ্টি হৈছে যদিও চৰকাৰৰ পৰিকল্পনা অনুসৰি পৰ্যায়ক্ৰমে সকলো লোকে প্ৰতিষেধক লাভ কৰিব বুলি মন্ত্ৰী গৰাকীয়ে সদৰি কৰা দেখা যায় ।

লগতে পঢ়কঃ মাজুলীৰ ক’ভিড পৰিস্থিতি বুজ ল’লে মন্ত্ৰী বিমল বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.