ETV Bharat / state

ঐতিহাসিক গৌৰীসাগৰ পুখুৰীৰ নামত ব্যাপক কেলেংকাৰী - গৌৰীসাগৰ পুখুৰী

জাৱৰ নিষ্কাষণৰ নামত এচামৰ বাবে সোণৰ কণী পৰা হাঁহত পৰিনত হৈছে গৌৰীসাগৰ পুখুৰী । ঐতিহাসিক পুখুৰীটো বৰৰজা বা ফুলেশ্বৰী কুঁৱৰীয়ে খৃঃ ১৭১৫-১৭ ৰ ভিতৰত খন্দোৱাইছিল । প্ৰায় ১৫০ একৰ ভূমি সামৰি থকা পুখুৰীটোৰ পাৰত তিনিটাকৈ দৌলো সজোৱা হৈছিল । এই ঐতিহাসিক পুখুৰীটো বৰ্তমান বিভাগীয় দুৰ্নীতিৰ বাবে জহি-খহি যোৱা পৰিলক্ষিত হৈছে। পুখুৰীটোৰ চাৰিও পাৰ মেটেকা পুনিৰে ভৰপূৰ হৈ পুখুৰীটোৰ অস্তিত্ব বিপন্ন কৰি তুলিছে ।

Gauri Sagar pond
গৌৰীসাগৰ পুখুৰী
author img

By

Published : Aug 11, 2020, 4:52 PM IST

আমগুৰি, ১১ আগষ্ট: ঐতিহাসিক গৌৰীসাগৰ পুখুৰীৰ সৌন্দৰ্যবৰ্দ্ধনৰ নামত ব্যাপক অনিয়মৰ অভিযোগ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ৷ গৌৰীসাগৰ উন্নয়ণ খণ্ডই ২০১৩ চনৰ পৰা মোমাই তামুলী পঞ্চায়তৰ অন্তৰ্গত ঐতিহাসিক গৌৰীসাগৰ পুখুৰীটো সোণৰ কণী পৰা হাঁহলৈ পৰিণত কৰা বুলি অভিযোগ উত্থাপন কৰিছে আটাছুৱে ৷

লগতে পঢ়কঃ জম্মু-কাশ্মীৰৰ কুপৱাড়াত আটক তিনি সন্ত্ৰাসবাদী

দৰাচলতে, জাৱৰ নিষ্কাষণৰ নামত এচামৰ বাবে সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে গৌৰীসাগৰ পুখুৰী । ঐতিহাসিক পুখুৰীটো বৰৰজা বা ফুলেশ্বৰী কুঁৱৰীয়ে খৃঃ ১৭১৫-১৭ ৰ ভিতৰত খন্দোৱাইছিল । প্ৰায় ১৫০ একৰ ভূমি সামৰি থকা পুখুৰীটোৰ পাৰত তিনিটাকৈ দৌলো সজোৱা হৈছিল । এই ঐতিহাসিক পুখুৰীটো বৰ্তমান বিভাগীয় দুৰ্নীতিৰ বাবে জহি-খহি যোৱা পৰিলক্ষিত হৈছে। পুখুৰীটোৰ চাৰিও পাৰ মেটেকা পুনিৰে ভৰপূৰ হৈ পুখুৰীটোৰ অস্তিত্ব বিপন্ন কৰি তুলিছে ।

জাৱৰ নিষ্কাষণৰ নামত সোণৰ কণী পৰা হাঁহত পৰিণত গৌৰীসাগৰ পুখুৰী
উল্লেখ্য যে, বিগত কেইবা বছৰ ধৰি গৌৰীসাগৰ উন্নয়ণ খণ্ডৰ মোমাই তামুলী পঞ্চায়তে প্ৰতি বৰ্ষতে এই পুখুৰীটোৰ জাৱৰ নিষ্কাষণৰ নামত ২০১৩ চনৰ পৰা প্ৰতি বছৰে ৫ লক্ষাধিক টকা আৱণ্টন দি আহিছে । কিন্তু পৰিতাপৰ বিষয় যে, মাত্ৰ কেইডালমান মেটেকা উঠাই এই টকা বিভাগীয় কতৃপক্ষই আত্মসাৎ কৰা বুলি অভিযোগ কৰে আটাছুৱে । আনফালে পৰ্যটনস্থলীৰ পূৰ্ণ সম্ভাৱনা থকা এই বিশেষ পুখুৰীটোত চলি থকা এই অবাধ দুৰ্নীতিৰ প্ৰতি কিয় চৰকাৰ তথা জিলা প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান কৰা নাই সেয়া এক বৃহৎ প্ৰশ্ন ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.