ETV Bharat / state

শিৱসাগৰত মেঘ বিস্ফোৰণ

author img

By

Published : Jun 1, 2021, 7:33 AM IST

মহাজগতৰ বিস্ময়কৰ পৰিঘটনাৰ সাক্ষী হৈ ৰল জেৰেঙা পথাৰ ৷ আকাশৰ বুকুৰপৰা সৰি পৰিল এচমকা ডাৱৰ ৷ এই পৰিঘটনাটোৰ সন্দৰ্ভত যোৰহাট তাৰকাগৃহৰ বিষয়া তথা জ্যোতিবিজ্ঞানী ড: প্ৰণৱ চেতিয়াই এই পৰিঘটনাটোক ট'ৰনাডো বুলি অভিহিত কৰিছে । ভাৰতবৰ্ষত এনধৰণৰ ট'ৰনাডো অতি কমেই দেখিবলৈ পোৱা যায় বুলি মন্তব্য কৰিছে জ্যোতিবিজ্ঞানী গৰাকী ৷

শিৱসাগৰত মেঘ বিস্ফোৰণ
শিৱসাগৰত মেঘ বিস্ফোৰণ

শিৱসাগৰ,1 জুন: সোমবাৰে মহাজগতৰ এক বিস্ময়কৰ পৰিঘটনাৰ সাক্ষী হৈ ৰ’ল শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰ । এজাক বতাহৰ সৈতে মহাকাশৰ পৰা হঠাতে সৰি পৰিল এচমকা ডাৱৰ । অতি নয়নভিৰাম দৃশ্য আছিল যদিও ৰাইজৰ ব্যাপক উৎকণ্ঠাই দেখা দিছিল । কোনো দিনে এনে দৃশ্য প্ৰত্যক্ষ নকৰা প্ৰতিজন ব্যক্তিকে চিন্তিত কৰি তোলে ।

শিৱসাগৰ নগৰৰ পৰা প্ৰায় তিনি কিল’মিটাৰ নিলগত থকা সতী জয়মতীৰ স্মৃতি বিজৰিত জেৰেঙা পথাৰৰ বুকুত দিনত এই পৰিঘটনাটো প্ৰত্যক্ষ কৰে ৰাইজে । সেই সময়ত আকাশ মেঘাছন্ন হৈ থকাৰ লগতে সামান্য এজাক বতাহৰ লগত বৰষুণ আহিছিল । তেনে সময়ত আকাশৰ পৰা ঘূৰ্ণী বতাহৰ সৈতে এচমকা ডাৱৰ আহি জেৰেঙাৰ বুকুত থকা এটা পুখুৰীৰ পানীত পৰিছিল । হঠাতে পুখুৰীটোৰ পানীখিনি সামান্য কঁপি উঠাৰ লগতে ডাৱৰখিনিয়ে পুখুৰীটো আৱৰি ধৰিছিল । প্ৰায় পাঁচ মিনিটমান সময় এনেদৰে থকাৰ পাছত পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছিল ।

শিৱসাগৰত মেঘ বিস্ফোৰণ

যোৰহাট তাৰকাগৃহৰ বিষয়া তথা জ্যোতিবিজ্ঞানী ড: প্ৰণৱ চেতিয়াই এই পৰিঘটনাটোক ট'ৰনাডো বুলি অভিহিত কৰিছে । ভাৰতবৰ্ষত এনধৰণৰ ট'ৰনাডো অতি কমে দেখিবলৈ পোৱা যায় বুলি মন্তব্য কৰিছে জ্যোতিবিজ্ঞানী গৰাকী ৷ বায়ুমণ্ডলৰ জলীয় গৰম বাষ্প যেতিয়া জলীয় ঠাণ্ডা বাষ্পৰ সংস্পৰ্শলৈ আহে, তেতিয়া এনেকুৱা ট'ৰনাডোৰ সৃষ্টি হয় বুলি জনাই জ্যোতিবিজ্ঞানী ড: প্ৰণৱ চেতিয়াই ৷ সেই সময়ত আকাশত ডাৱৰ থকাৰ বাবে ঘূৰ্ণী বতাহৰ সৈতে ডাৱৰখিনি তললৈ নামি আহে ।

লগতে পঢ়ক: কঠোৰ হাতেৰে অপৰাধ নিৰ্মূলৰ সংকল্প আনন্দ মিশ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.