শিৱসাগৰ, 19 মাৰ্চ: শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত নামিছে সংগীত শিল্পী মহেন্দ্ৰ হাজৰিকা ৷ নিজক আজীৱন জাতীয়তাবাদী ৰূপে উল্লেখ কৰা শিল্পীগৰাকীয়ে অখিল গগৈ এক সংগ্ৰামী সত্বা বুলি অভিহিত কৰি কয় যে, অখিল গগৈক অন্যায়ভাৱে কাৰাগাৰত বন্ধ কৰি ৰখা হৈছে ৷
জাতীয়তাবাদৰ স্বাৰ্থত অখিল গগৈৰ দৰে ব্যক্তিৰ বিধানসভাৰ মজিয়াত প্ৰয়োজন আছে বুলি মন্তব্য কৰি শিৱসাগৰ সমষ্টিৰ ৰাইজে অখিল গগৈক ভোট দিয়াৰ দৰকাৰ আছে বুলি গগৈয়ে মন্তব্য প্ৰকাশ কৰে ৷
সৰ্বহাৰা শ্ৰমিক আৰু কৃষকৰ পক্ষত থকা অখিল গগৈক যাতে ৰাইজে আঁকোৱালি লয় তাৰ বাবে নেতা গৰাকীৰ হৈ প্ৰচাৰ অভিযানত নামিছে শিল্পী হাজৰিকা ৷ শুকুৰবাৰে দিচাংমুখ অঞ্চলৰ বহু কেইটা অঞ্চলত অখিল গগৈৰ হৈ প্ৰচাৰ অভিযানত নমাৰ লগতে পলশনি অঞ্চলত ৰাইজৰ দলৰ প্ৰাৰ্থী গৰাকীৰ হৈ প্ৰচাৰত নামে শিল্পীগৰাকী ৷
জাতীয়তাবাদৰ পক্ষত থকা লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ হৈ প্ৰচাৰ চলোৱা বুলি উল্লেখ কৰি তেওঁ দুয়োগৰাকী জাতীয়তাবাদী নেতাক অসমৰ দুই নক্ষত্ৰ বুলি অভিহিত কৰে ৷
লগতে পঢ়ক: মৰিগাঁৱত হিমন্ত বিশ্ব শৰ্মাৰ পদযাত্ৰা