ETV Bharat / state

আমগুৰিত অংকিতা দত্তৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ

২০১৬ৰ বিধানসভা নিৰ্বাচনত কেৱল ১৫০০ ভোটত পৰাজিত হোৱা কংগ্ৰেছৰ যুৱনেত্ৰী অংকিতা দত্তই আমগুৰি সমষ্টিৰ চুকে-কোণে ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ।

আমগুৰিত অংকিতা দত্তৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ
আমগুৰিত অংকিতা দত্তৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ
author img

By

Published : Feb 3, 2021, 2:26 PM IST

আমগুৰি,৩ফেব্ৰুৱাৰী: বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্য়ৰ ভিন্ন প্ৰান্তত প্ৰতিটো দলৰে বহু প্ৰাৰ্থীয়ে টিকট পোৱাৰ আশাত বিভিন্ন ধৰণৰ প্ৰচাৰ আৰম্ভ কৰিছে । আমগুৰিৰ বিভিন্ন প্ৰান্ততো বিশেষ ৰূপত দেখা গৈছে কংগ্ৰেছ দলৰ অংকিতা দত্তক । ২০১৬ৰ বিধানসভা নিৰ্বাচনত কেৱল ১৫০০ ভোটত পৰাজিত হোৱা কংগ্ৰেছৰ যুৱনেত্ৰী গৰাকীয়ে আমগুৰি সমষ্টিৰ চুকে-কোণে ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ।

আমগুৰিত অংকিতা দত্তৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ
আমগুৰিত অংকিতা দত্তৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ

খেল পথাৰত গৈ হাতত ক্ৰিকেট বেট লোৱাৰ পৰা আৰম্ভ কৰি এনৰেগা কৰ্মীৰ সৈতে লগে ভাগে ভোজভাত খোৱা,কেচুৱাক কোলাত তুলি লোৱা আদিৰ জৰিয়তে ভোটাৰক আকৰ্ষণ কৰাৰ বাবে সকলো উপায় হাতত লৈছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে । মুঠতে নিৰ্বাচনৰ বাবে সকলো ফালৰ পৰা সাজু হৈছে প্ৰাক্তন কংগ্ৰেছ নেতা প্ৰয়াক অঞ্জন দত্তৰ কন্য়া অংকিতা দত্ত । অৱশ্য়ে নিৰ্বাচনৰ ফলাফলেহে ক'ব সমষ্টিটোত কোনে শেষ হাঁহি মাৰে।

লগতে পঢ়ক:যোৰহাটত বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.