ETV Bharat / state

শক্তি বিভাগৰ কাণ্ডত অতিষ্ঠ আমগুৰিৰ ৰাইজ - লালিমছিগা অঞ্চলটো

বিদ্যুতৰ অনিয়মীয়া যোগানত অতিষ্ঠ লালিমছিগাৰ ৰাইজ ৷ অঞ্চলটোৰ ৭০ টা পৰিয়াললৈ প্ৰেৰণ ১০ হাজাৰৰ পৰা ৫০ হাজাৰ টকা পৰ্যন্ত বিদ্যুতৰ বিল ৷

শক্তি বিভাগৰ কাণ্ডত অতিষ্ঠ আমগুৰিৰ ৰাইজ
author img

By

Published : Jun 30, 2019, 10:25 AM IST

আমগুৰি, 30 জুন : বিতৰ্কই লগ নেৰা হৈছে শিৱসাগৰ জিলাৰ আমগুৰিস্থিত অসম শক্তি বিতৰণ কোম্পানীৰ সংমণ্ডল কাৰ্যালয়ক । বিদ্যুতৰ অনিয়মীয়া যোগানত অতিষ্ঠ হৈ পৰা ৰাইজে কাৰ্যালয়ত ইতিমধ্যে জাতীয় সংগঠনে প্ৰতিবাদী কাৰ্যসূচীৰে উত্তাল কৰাৰ পাচত এইবাৰ পুনৰ বিভাগটোৰ কাণ্ডই চকু কঁপালত তুলিছে ৰাইজৰ ৷ কাৰ্যালয়টোৰ অন্তৰ্গত লালিমছিগা অঞ্চলৰ প্ৰায় ৭০ টা পৰিয়াললৈ ১০ হাজাৰৰ পৰা ৫০ হাজাৰ টকা পৰ্যন্ত বিদ্যুতৰ বিল প্ৰেৰণ কৰাক লৈ বিভাগটোৰ বিৰুদ্ধে জাঙুৰ খাই উঠে ভুক্তভোগী ৰাইজ ৷ লালিমছিগা অঞ্চলটোৰ বিদ্যুৎ গ্ৰাহকসকলৰ কিছু লোকে পূৰ্বে দুই-তিনি মাহৰ বিদ্যুৎ বিল নোপোৱাৰ বাবে তেনে বিল পৰিশোধ কৰিবলৈ বাকী আছে যদিও সেই বিলৰ ধন কেতিয়াও ১০ হাজাৰ হ'ব নোৱাৰে বুলি জানিব দিয়ে ৰাইজে ৷

শক্তি বিভাগৰ আজৱ কাণ্ড

তেনেস্থলত ৫০ হাজাৰ টকা পৰ্যন্ত বিদ্যুৎ বিল পাই স্বাভাৱিকতে হতভম্ব হৈছে অঞ্চলটোৰ গ্ৰাহক ৰাইজ । ইপিনে পূৰ্বে মাহেকত আঢ়ৈ-তিনিশ টকাৰ বিদ্যুৎ বিল পৰিশোধ কৰা গ্ৰাহকলৈ 10,000তকৈ অধিক বিদ্যুতৰ বিল প্ৰেৰণ কৰাত এতিয়া চকু কঁপালত উঠিছে ৰাইজৰ । প্ৰকৃততে বিভাগৰ ভুলৰ বাবে নে অন্য কাৰণত বৃহৎ পৰিমাণৰ বিল প্ৰেৰণ কৰা হ'ল সেইটো স্পষ্টকৈ জানিব পৰা হোৱা নাই ৷ যদিও এই লৈ ভুক্তভোগী গ্ৰাহকসকলে গাঁৱত ৰাজহুৱা সভা অনুষ্ঠিত কৰি আজি সংশ্লিষ্ট বিভাগীয় বিষয়াক বিষয়টোৰ উচিত তদন্তৰ ব্যৱস্থা কৰিবলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে । লগতে অনাগত এসপ্তাহৰ ভিতৰত সংশ্লিষ্ট কৰ্তৃপক্ষই এই ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ নকৰিলে ৰাইজে গণতান্ত্ৰিকভাৱে বিভাগটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে ।

Intro:Body:Samiran Duarah
Amguri
30/6/19

আমগুৰিত অসম শক্তি বিতৰণ কোম্পানীৰ কাণ্ডত অতীষ্ঠ গ্ৰাহক : ৫০ হাজাৰ পৰ্যন্ত বিদ্যুৎ বিল প্ৰেৰণত হতভম্ব ৰাইজৰ: বিদ্যুৎ বিষয়াক স্মাৰক পত্ৰ প্ৰদান ।                                                       ---------------------------------------------------------
আমগুৰি ৩০ জুন :

শিৱসাগৰ জিলাৰ আমগুৰিস্থিত অসম শক্তি বিতৰণ কোম্পানীৰ সংমণ্ডল কাৰ্যালয়টোক যেন সম্প্ৰতি বিতৰ্কই লগ নেৰা হৈছে । বিদ্যুৎৰ অনিয়মীয়া যোগানত অতীষ্ঠ হৈ কাৰ্যালয়টোত ইতিমধ্যে জাতীয় সংগঠনে প্ৰতিবাদী কাৰ্যসূচীৰে উত্তাল কৰাৰ পিছত এইবাৰ কাৰ্যালয়টোৰ অন্তৰ্গত লালিমছিগা অঞ্চলৰ প্ৰায় ৭০ টা পৰিয়াললৈ ১০ হাজাৰৰ পৰা ৫০ হাজাৰ টকাৰ বিদ্যুৎ বিল প্ৰেৰণ কৰাক লৈ পুনৰ বিভাগটোৰ বিষয়ে ককালত টঙালী বান্ধিছে ভূক্তভোগী ৰাইজে । জানিব পৰা মতে লালিমছিগা অঞ্চলটোৰ বিদ্যুৎ গ্ৰাহকসকলৰ কিছু লোকে পূৰ্বে দুই-তিনি মাহ বিদ্যুৎ বিল নোপোৱাৰ বাবে তেনে বিল পৰিশোধ কৰিবলৈ বাকী আছে যদিও উক্ত বিলৰ ধন কেতিয়াও ১০ হাজাৰ হ'ব নোৱাৰে । তেনে ক্ষেত্ৰত ৫০হাজাৰ টকা পৰ্যন্ত বিদ্যুৎ বিল পাই স্বাভাবিকতে হতভম্ব হৈছে অঞ্চলটোৰ গ্ৰাহক ৰাইজ । পূৰ্বে মাহেকত আঢ়ৈ-তিনিশ টকাৰ বিদ্যুৎ বিল পৰিশোধ কৰা গ্ৰাহকলৈ দহ হাজাৰোধিক বিদ্যুৎ বিল প্ৰেৰণ কৰাত এতিয়া ৰাইজ চকু কপালত উঠিছে । প্ৰকৃততে বিভাগৰ ভুলৰ বাবে নে অন্য কাৰণত ইমান বৃহৎ পৰিমাণৰ বিল প্ৰেৰণ কৰা হ'ল সেইটো স্পষ্টকৈ জানিব পৰা হোৱা নাই যদিও এই  লৈ ভূক্তভোগী গ্ৰাহক সকলে গাওঁত কালি ৰাজহুৱা সভা অনুষ্ঠিত কৰি আজি সংশ্লিষ্ট বিভাগীয় বিষয়াক বিষয়টোৰ উচিত তদন্তৰ ব্যৱস্থা কৰিবলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে । অহা সাত দিনৰ ভিতৰত সংশ্লিষ্ট কৰ্তৃপক্ষই এই ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ নকৰিলে ৰাইজে গণতান্ত্ৰিকভাৱে বিভাগটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে । আনহাতে আমগুৰি ৰাজহ চক্ৰ বিষয়াকো বিদ্যুত বিভাগৰ এনে কাণ্ডৰ বিৰুদ্ধে স্মাৰক পত্ৰ প্ৰদান কৰিছে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.