ETV Bharat / state

সন্মুখত চিলিণ্ডাৰ আৰু পিঁয়াজ লৈ প্ৰতিবাদত বহিল আছু কৰ্মী - শিৱসাগৰৰ নামতি

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত আছু (সদৌ অসম ছাত্ৰ সন্থা) ৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৷ শিৱসাগৰৰ নামতিত নামতি আঞ্চলিক ছাত্ৰ সন্থাইও মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ প্ৰতিকী ৰূপত সন্মুখত খাদ্য সামগ্ৰী ৰাখি নামতি আঞ্চলিক ছাত্ৰ সন্থাই সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

A_Amg_811-814_aasu_protest_against_price_hike_vis_img_AS10033
aasu protest against price hike
author img

By

Published : Feb 19, 2021, 4:05 PM IST

আমগুৰি, 19 ফেব্ৰুৱাৰী: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শুকুৰবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ'লজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰৰ নামতিত আছু কৰ্মী সকলে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

A_Amg_811-814_aasu_protest_against_price_hike_vis_img_AS10033
অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ'লজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদ

আছু (সদৌ অসম ছাত্ৰ সন্থা) ৰ আহ্বানত নামতি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আছু কৰ্মী সকলে এই প্ৰতিবাদত অংশ লোৱা পৰিলক্ষিত হয় ৷ মূলতঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ'লজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে নামতি আঞ্চলিক ছাত্ৰ সন্থাই এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদত আছু কৰ্মী সকলে তেওঁলোকৰ সন্মুখত প্ৰতিকী ৰূপত চিলিণ্ডাৰ আৰু পিঁয়াজ ইত্যাদি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী ৰাখি থোৱা দেখিবলৈ পোৱা গ'ল ৷

প্ৰতিকী ৰূপত সন্মুখত খাদ্য সামগ্ৰী ৰাখি নামতি আঞ্চলিক ছাত্ৰ সন্থাই সাব্যস্ত কৰে উক্ত প্ৰতিবাদ

ৰাজ্য আৰু কেন্দ্ৰ উভয়তে শাসনাধিষ্ঠ চৰকাৰৰ বিৰুদ্ধে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰী সকলে দুয়োখন চৰকাৰকে তীব্ৰ ভাষাৰে নিন্দা কৰে ৷ চৰকাৰক তেওঁলোকৰ বিফলতাৰ বাবে ধিক্কাৰ জনাই প্ৰতিবাদী আছু কৰ্মী সকলে এইবাৰ ৰাইজকো চৰকাৰক এশিকনি দিবৰ বাবে আহ্বান জনায় ৷ উল্লেখ্য যে, আছুৰ আহ্বানত শুকুৰবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ আছু গোটসমূহে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৷

লগতে পঢ়ক: মূল্যবৃদ্ধিকলৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.