ETV Bharat / state

টিহুত ভগ্ন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ - টিহু

টিহুত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ভগ্ন মথাউৰি পৰিদৰ্শন কৰি বুজ ল'লে গৰাখহনীয়া পৰিস্থিতিৰ ৷

টিহুত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত
author img

By

Published : Jul 1, 2019, 8:43 PM IST

নলবাৰী, 1 জুলাই : টিহুত উপস্থিত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত ৷ টিহুৰ শিয়ালমাৰী, উত্তৰ বালিত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰিলে ভগ্ন মথাউৰি আৰু গৰাখহনীয়াৰ পৰিস্থিতি ৷ লগতে অঞ্চলটোৰ ৰাইজক গৰাখহনীয়াৰ স্থায়ী সমাধানৰ আশ্বাসো প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে । পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীক সংগ দিয়ে স্থানীয় বিধায়ক মনেশ্বৰ ব্ৰহ্ম আৰু নলবাৰীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে ৷ ইপিনে ১৮ কোটি টকা ব্যয় সাপেক্ষে চাৰি বছৰ পূৰ্বে আৰম্ভ কৰা মথাউৰি মেৰামতিৰ কাম সম্পূৰ্ণ নোহোৱা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে দোষ থেলিলে পূৰ্বৰ চৰকাৰলৈ ৷ সেয়া কংগ্ৰেছৰ দিনতেই কৰা কাম, তেনে কাম বহুত আছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

টিহুত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত

ইফালে টিহুৰ মহাজন চুবুৰীত মৰা পাগলদিয়া নৈয়ে মথাউৰি চিঙি নিয়াত আলৈ আথনি নোহোৱা হৈছে বানপীড়িত ৰাইজৰ । ফলত কলৰ ভূৰত পাৰ হওতেই মহিলাসহ কেইবাগৰাকীও পৰিল নৈৰ পানীত ৷

Intro:#টিহুত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত#
#পৰিদৰ্শন কৰিলে মথাউৰিৰ ভগ্নস্থলী#
#মথাউৰি আৰু গৰাখহনীয়াৰ স্থায়ী সমাধানৰ আশ্বাস#
#মন্ত্ৰীৰ যোৱাৰ পিছতে টিহুৰ মহাজনপাৰাত অঘটন#
#কলৰ ভূৰৰ পৰা বাগৰিল বানপীড়িত যাত্ৰী#
#সমগ্ৰ দৃশ্য বন্দী হ’ল কেমেৰাত#Body:টিহুত উপস্থিত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত৷শিয়ালমাৰী, উত্তৰ বালিত ভগ্ন মথাউৰি, গৰাখহনীয়া পৰিদৰ্শন মন্ত্ৰী গৰাকীৰ ৷১৮ কোটি টকাৰে চাৰি বছৰ পূৰ্বে আৰম্ভ কৰা মথাউৰি মেৰামতিৰ কাম সম্পূৰ্ণ নোহোৱা সন্দৰ্ভত মন্ত্ৰীৰ মন্তব্য সেয়া কংগ্ৰেছৰ দিনৰ কৰা কাম । তেনে কাম বহুত আছে । মন্ত্ৰী কেশৱ মহন্তৰ মতে এই মথাউৰি সমূহ কৃষি বান্ধহে , মথাউৰি নহয় । এইবাৰ গৰাখহনীয়া, মথাউৰিৰ স্থায়ী সমাধানৰ আশ্বাস মন্ত্ৰী কেশৱ মহন্তৰ । মন্ত্ৰী গৰাকীক সংগ দিয়ে স্থানীয় বিধায়ক মনেশ্বৰ ব্ৰহ্ম, নলবাৰীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে৷আনহাতে মন্ত্ৰী গৰাকীয়ে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দোষ দি দায় সৰা মন্তব্য।পিছে বিভাগীয় ভাৱে মথাউৰি নিৰ্মাণৰ বাবে কোটি কোটি ধন অহাৰ পিছতো বিয়াগোম বিভাগটোৱে বাৰিষা আহিলে সাৰ পাই দুই এচপৰা মাটি চটিয়াই।
ইফালে টিহুৰ মহাজন চুবুৰীৰ এই দৃশ্যলৈ মন কৰক ।ইয়াত এটা পথ আছিল যদিও মৰা পাগলদিয়া মাথাউৰি চিঙি আলৈ আথনি নোহোৱা হৈছে বানপিড়িত ৰাইজৰ।যাৰ ফলত কলৰ ভূৰত এইদৰেই পাৰ হওতেই মহিলাসহ কেইবাজনো কলৰ ভূৰৰ পৰা পৰি যোৱা দৃশ্য বন্দী হয় আমাৰ কেমেৰাত।আৰু বিপদসংকুল ভাবে পাৰ হব লগীয়া হৈছে বানপিড়ীত ৰাইজ।

বাইট=মন্ত্ৰী+স্থানীয় লোক৷Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.