ETV Bharat / state

গামোচাত ছবি আঁকি বিখ্যাত হৈ পৰা নলবাৰীৰ শিল্পীজন - নলবাৰীৰ খছনুৰ আহমেদ

নলবাৰীৰ এগৰাকী চিত্ৰ শিল্পীয়ে অসমীয়াৰ হেঁপাহৰ গামোচাত আঁকি উলিয়াইছে 2000ৰো অধিক মানুহৰ প্ৰতিচ্ছবি ৷ নিজৰ প্ৰতিভাৰ জৰিয়তে অসমৰ লগতে সমগ্ৰ দেশতে পৰিচিত হৈ পৰিছে নলবাৰীৰ খছনুৰ আহমেদ ৷

special artist from Nalbari who draw on Gamosa
গামোচাত ছবি আঁকি বিখ্যাত হৈ পৰা নলবাৰীৰ শিল্পী
author img

By

Published : May 13, 2020, 9:05 PM IST

নলবাৰী,13 মে' : নলবাৰীৰ এগৰাকী বিশেষ শিল্পী ৷ যাৰ তুলিকাই যাদু দেখুৱায় অসমীয়াৰ প্ৰাণৰ গামোচাত ৷ অসমীয়া গামোচাত চিত্ৰ অংকন কৰি গোটেই ভাৰতবৰ্ষতেই চিনাকী দিবলৈ সক্ষম হৈছে এইগৰাকী চিত্ৰ শিল্পী খছনুৰ আহমেদে ।

special artist from Nalbari who draw on Gamosa
খছনুৰ আহমেদৰ তুলিকাত ৰঞ্জন গগৈ
শৈশৱৰে পৰা ছবি আঁকি ভালপোৱা নলবাৰীৰ খছনুৰ আহমেদে বৰ্তমানলৈকে আঁকি গৈছে ভালেসংখ্যক ছবি ।

খছনুৰ আহমেদৰ তুলিকাত বিদ্যা ৰাও

সাহিত্যিক পংকজ গোবিন্দ মেধিৰ দ্বাৰা অনুপ্ৰাণিত হৈ প্ৰথম পৰ্যায়ত এখন গামোচাত 100গৰাকী অসম সাহিত্য সভাৰ সভাপতিৰ প্ৰতিচ্ছবি অংকন কৰি বিশেষভাৱে চৰ্চিত হৈ পৰে ৷ তাৰ পিচত নিৰবিচ্ছিন্নভাৱে অসমৰ স্বাভিমান গামোচাত আঁকি গৈছে 2000ৰো অধিক ছবি ৷

খছনুৰ আহমেদj তুলিকাত সৰ্বানন্দ সোণোৱাল

ইয়াৰ ভিতৰত সংগীত শিল্পী জুবিন গাৰ্গৰ পৰা ভূপেন হাজৰিকালৈ , যতীন বৰাৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ,ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈকে সকলোৰে প্ৰতিচ্ছবি অংকন কৰিছে গামোচাত ।

খছনুৰ আহমেদৰ তুলিকাত হোমেন বৰগোহাঞি

উল্লেখ্য যে, দেশত চলি থকা লক্ ডাউনৰ সময়ত 60 বছৰৰ উৰ্ধ্বৰ চিত্ৰ শিল্পী খছনুৰ আহমেদে গামোচাত ছবি অংকন কৰাত ব্যস্ত হৈ পৰিছে ।

গামোচাত ছবি আঁকি বিখ্যাত হৈ পৰা নলবাৰীৰ শিল্পী

চৰকাৰী ভাবে কোনো সাহায্য অথবা শিল্পী পেঞ্চন লাভ কৰিবলৈ সমৰ্থ হোৱা নাই শিল্পীগৰাকী ৷ সেয়ে বৰ্তমানৰ চৰকাৰৰ ওপৰতো মনৰ ক্ষোভ উজাৰিছে চিত্ৰশিল্পী গৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.