ETV Bharat / state

School closed in Nalbari: নলবাৰীত প্ৰধান শিক্ষকৰ মইমতালিত বন্ধ এখন প্ৰাথমিক বিদ্যালয়

author img

By

Published : Nov 30, 2022, 8:14 PM IST

নলবাৰীত প্ৰধান শিক্ষকৰ মইমতালি(Complain against Headmaster) । নিজৰ ইচ্ছা অনুসৰি খোলা ৰাখে বিদ্যালয়, নিজৰ ইচ্ছা অনুসৰি বন্ধ ৰাখে বিদ্যালয়খন । প্ৰধান শিক্ষকগৰাকীৰ মইমতালিত অতিষ্ঠ হৈ পৰিছে ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজ ।

school closed due to headmaster tyranny
নলবাৰীত প্ৰধান শিক্ষকৰ মইমতালিত বন্ধ এখন প্ৰাথমিক বিদ্যালয়

নলবাৰী,৩০ নৱেম্বৰ: শিক্ষা বিভাগৰ নীতিক ধোৱাচাঙত তোলা হৈছে চৰাঞ্চলত । চৰকাৰ তথা শিক্ষা বিভাগৰ মতে নহয়, প্ৰধান শিক্ষকৰ মতেহে চলে বিদ্যালয় । কেতিয়াবা যদি মধ্যাহ্ন ভোজনৰ চাউল আত্মসাতৰ লগত জড়িত হয় প্ৰধান শিক্ষক আন কেতিয়াবা আকৌ নিজৰ কেয়াল-খুচিমতে বন্ধ ৰাখে বিদ্যালয় । পুনৰ নলবাৰীত পোহৰলৈ আহিছে তেনে এক ঘটনা । নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ টিলাৰদিয়া চৰত এগৰাকী প্ৰধান শিক্ষয়ত্ৰীয়ে মইমতালিৰে বন্ধ ৰাখিলে এখন প্ৰাথমিক বিদ্যালয়(Complain against Headmaster) ।

বৰক্ষেত্ৰী শিক্ষাখণ্ডৰ অধীনস্থ নতুন দিগন্ত প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা । বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰী ফাতেমা আহমেদে নিজৰ মইমতালিৰে বুধবাৰেও বিদ্যালয়খন বন্ধ ৰাখে(Headmaster does not come to school in Nalbari) । বিদ্যালয়খনৰ আনজন শিক্ষক মিৰান আলীও প্ৰায়ে বিদ্যালয়ত অনুপস্থিত থকাৰ অভিযোগ উত্থাপন হৈছে । প্ৰধান শিক্ষয়িত্ৰী আৰু শিক্ষক গৰাকীয়ে প্ৰায়ে বিদ্যালয়খন বন্ধ ৰখাৰ অভিযোগ স্থানীয় লোকৰ(Headmaster closed school in Nalbari) ।

যাৰ বাবে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকল পাঠগ্ৰহণৰ পৰা বঞ্চিত হবলগীয়া হৈছে । উল্লেখযোগ্য যে বিদ্যালয়খন প্ৰাদেশিকৃত হোৱা নাই যদিও বিদ্যালয়খনত কৰ্মৰত দুয়োগৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে টিউটৰ হিচাপে শিক্ষা বিভাগৰ পৰা নিযুক্তি লাভ কৰিছে । আনহাতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে চৰকাৰৰ পৰা মধ্যাহ্ন ভোজনো লাভ কৰে । কিন্তু বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলক নিয়মিতভাৱে মধ্যাহ্ন ভোজন প্ৰদান নকৰে বুলিও প্ৰধান শিক্ষয়ত্ৰী ফাতেমা আহমেদৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে ৰাইজে ।

এনেবোৰ কাৰণতে গৰজি উঠিছে স্থানীয় ৰাইজে । যদি এইদৰে চলি থাকে তেন্তে সেই অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকল এক অনিশ্চিত ভৱিষ্যতৰ দিশে গতি কৰিব বুলি উল্লেখ কৰে অঞ্চলটোৰ সচেতন ৰাইজে । লগতে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰী আৰু শিক্ষকগৰাকীৰ বিৰুদ্ধে শিক্ষা বিভাগক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায় স্থানীয় লোকে ।

লগতে পঢ়ক: Pragyan Bharti Scheme: খানাপাৰত মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটী বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.