ETV Bharat / state

New constituency in Assam: টিহুত ফুটিছে ফটকা; সমষ্টি লাভৰ আনন্দত উত্ৰাৱল ৰাইজ

author img

By

Published : Aug 13, 2023, 1:14 PM IST

নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ বিলুপ্তি ঘটাই নতুনকৈ টিহু সমষ্টিৰে নামকৰণত দিনে নিশাই ৰাইজৰ আনন্দ উল্লাস । নলবাৰী আৰু বৰক্ষেত্ৰী সমষ্টিৰ কিছু গাঁও টিহু সমষ্টিত সংলগ্ন কৰা হৈছে ।

Constituency Delimitation 2023
ধৰ্মপুৰ সমষ্টিৰ বিলুপ্তি

ধৰ্মপুৰ সমষ্টিৰ বিলুপ্তি

নলবাৰী, ১৩ আগষ্ট: নিৰ্বাচন আয়োগে শুকুৰবাৰে সমষ্টি পুনৰনিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ পিচতেই আৰম্ভ হৈছে প্ৰতিবাদ । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্ণাংগ তালিকা প্ৰকাশৰ পিছতেই টিহু-মাখিবাহাত দেখা গ'ল আৱতৰীয়া দিপাৱলী ৷ ধৰ্মপুৰ সমষ্টিৰ পৰিৱৰ্তে টিহু সমষ্টি ঘোষণাৰ পিচতেই ফটকা ফুটাই আনন্দ উল্লাস কৰে ৰাইজে । শনিবাৰে পুৱাৰে পৰা নিশালৈকে সমষ্টিটোৰ ঠায়ে ঠায়ে দেখা গৈছে ফটকা ফুটাই আনন্দ উল্লাস কৰাৰ দৃশ্য় । পূৰ্ৱতে নলবাৰী জিলাৰ একাংশ গাঁও বৰমা বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈ আছিল সেইবোৰ গাঁও বৰ্তমানৰ চূড়ান্ত তালিকাত টিহু সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছে ।

নলবাৰী সমষ্টি আৰু বৰক্ষেত্ৰী সমষ্টিৰ কিছু কিছু গাঁও টিহু সমষ্টিত সংলগ্ন কৰাই নতুনকৈ গঠিত কৰা হৈছে টিহু বিধানসভা সমষ্টি । উল্লেখযোগ্য যে, পূৰ্ৱৰ ধৰ্মপুৰ সমষ্টিক বিলুপ্তি ঘটাই নতুনকৈ সৃষ্টি কৰা হ'ল টিহু বিধানসভা সমষ্টি । ধৰ্মপুৰ সমষ্টিত একপ্ৰকাৰ দীৰ্ঘদিনে ৰাজনৈতিক পদবী স্থায়ী কৰি লৈছিল জ্যেষ্ঠ নেতা মন্ত্ৰী চন্দ্ৰমোহোন পাটোৱাৰীয়ে ।

সম্প্ৰতি নতুন খচৰা আৰু চূড়ান্ত তালিকা প্ৰকাশ পোৱাত মন্ত্ৰী চন্দ্ৰমোহোন পাটোৱাৰীৰ গৃহ মৌজাকে ধৰি নিজৰ গাঁওখনো নলবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্তি কৰা হৈছে । ফলত মন্ত্ৰী চন্দ্ৰমোহোন পাটোৱাৰীৰ ৰাজনৈতিক ভৱিষ্যৎ পৰৱৰ্তী সময়ত কোন দিশে গতি কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক:Chain snatching in Guwahati: গুৱাহাটীত পিষ্টলধাৰী দুৰ্বৃত্তই মহিলাৰ ডিঙিৰ পৰা কাঢ়ি নিলে সোণৰ চেইন; একেদিনাই দুটাকৈ ঘটনা

আনহাতে, পূৰ্বৰ খচৰাত বাদ পৰিছিল টিহুৰ সমীপৱৰ্তী মাখিবাহা-ভোজকুছি গাঁও দুখন ৷ মাখিবাহা আৰু ভোজকুছি গাৱক বৰক্ষেত্ৰী সমষ্টিত সংলগ্ন কৰাইছিল । কিন্তু চূড়ান্ত তালিকাত মাখিবাহা আৰু ভোজকুছি অন্তৰ্ভুক্ত হ'ল টিহু সমষ্টিত ৷ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পিচতেই আনন্দত ওলাই আহিল মাখিবাহা, ভোজকুছিৰ জনতা । নিৰ্বাচন আয়োগক ধন্যবাদ জ্ঞাপন কৰিছে টিহুৰ কেইবাটাও দল-সংগঠনে ৷

লগতে পঢ়ক:Constituency Delimitation 2023: চাবুৱা লাহোৱাল সমষ্টি পুনৰ গঠনক লৈ সুখী বিধায়ক পোনাকণ বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.